বেবেজীয়াঃ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰীৰ দায়িত্ব লাভ কৰি অতিকে উৎফুল্লিত হৈ পৰিছে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা৷ বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ ৰাইদঙীয়াত দুটাকৈ পথ মেৰামতিৰ আধাৰশিলা স্থাপন কৰি বিধায়িকা আঙুৰলতা ডেকাই নতুন দায়িত্ব লাভৰ সন্দৰ্ভত কয় যে দায়িত্বই মানুহক বহুত বেছি উৎসাহিত কৰে৷ মোক দলে দিয়া এই দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিম৷ আচলতে মহিলাৰ মাজত থাকি কাম কৰাৰ আমেজেই সুকীয়া৷ সেয়ে আমাৰ চৰকাৰে মহিলা সৱলীকৰণৰ যিবোৰ আঁচনি গ্ৰহণ কৰিছে সেইবোৰ মহিলাসকলৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম৷
প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা ইংগিত দি টুইট কৰা সন্দৰ্ভত বিধায়িকাগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা৷ তেওঁ এতিয়া কেৱল এজন বিশেষ ব্যক্তিয়েই হৈ থকা নাই৷ তেওঁ এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে৷ সকলোৱে দেখিছে এই অনুষ্ঠানটোৱে নিৰৱচ্ছিন্নভাবে বহু কষ্টৰে কাম কৰি গৈছে৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিলে সেয়া অসমৰ সোণালী ইতিহাসত লিপিবদ্ধ হৈ থাকিব৷ সেয়ে অসমৰ ভৱিষ্যতৰ কাৰণে, অসমীয়া জাতিটোৰ বাবে তেওঁ সক্ৰিয়ভাবে চৰকাৰত থাকিব লাগিব৷
বিধায়িকাগৰাকীয়ে বৃহস্পতিবাৰে আইভেটী আৰু ৰাইদঙীয়া পঞ্চায়তত গড়কাপ্তানী বিভাগৰ ৰাজ্যৰ স্বশিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ অধীনত মেৰামতি কৰিবলগীয়া ৰাইদঙীয়া-গেন্দুৱা পথাৰ আৰু শ্যামকলীয়া-নতুন ভোগবাৰী সংযোগী পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন মুকলি মঞ্চ উদ্ধোধন আৰু বহুকেইটা অনুষ্ঠানৰ উন্নয়ণমূলক কামৰ চেক বিতৰণ কৰে৷