ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে পঞ্জাৱত একেলগতে ২৬ গৰাকী বিধায়ক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে বিধানসভা অধিৱেশনৰ পূৰ্বে কৰা স্বাব টেষ্ট পৰীক্ষাত কংগ্ৰেছৰ ২৩ গৰাকী আৰু অন্য দলৰ ৩ গৰাকী বিধায়কৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ৰাজ্যখনৰ একেলগে কেইবাগৰাকীও বিধায়ক কোভিড আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে।
ইফালে ৰাজ্যখনৰ মন্ত্ৰী গুৰপ্ৰীত কৌৰ আৰু শ্যামসুন্দৰ আৰোৰাও কোভিড পজিটিভ বুলি জানিব পৰা গৈছে। এনে পৰিপ্ৰেক্ষিত গভীৰ উদ্বেগ ব্যক্ত কৰি মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দৰ সিঙে কয় যে যি সময়ত ৰাজ্যৰ মন্ত্ৰী, বিধায়কসকলেই সুৰক্ষিত নহয়, তেনে সময়ত এনআইটি বা জেইই পৰীক্ষা অনুষ্ঠিত কৰাটো অপ্ৰয়োজনীয়।
ইফালে বুধবাৰে একেলগে ইমানগৰাকী বিধায়ক, মন্ত্ৰী কোভিড পজিটিভ পোৱাৰ পিছতে বিধানসভা অধিৱেশনত প্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশ বান্ধি দিছে বিধানসভাৰ অধ্যক্ষই। বিধায়কসকলে বিধানসভাত প্ৰৱেশৰ পূৰ্বে কোভিড নিগেটিভ ৰিপ’ৰ্ট লগত লৈ আহিব লাগিব বুলি জনাইছে বিধানসভাৰ অধ্যক্ষ ৰাণা কেপি সিঙে। উল্লেখ্য যে, মঙ্গলবাৰে আম আদমী পাৰ্টীৰ দুজন আৰু শিৰোমণি আকালি দলৰ এজন বিধায়কৰ শৰীৰতো কোভিড১৯ পজিটিভ পোৱা গৈছিল।