March 28, 2023, 9:24 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে গৃহ আৱণ্টন দিয়াৰ নামত ৫-৬ হাজাৰ উৎকোচ লোৱাৰ অভিযোগ

Reporter Name
  • Update Time : Saturday, August 29, 2020
  • 104 Time View

মানিকপুৰঃ উপ-সভানেত্ৰীৰ অশ্লীল ফটো তুলি ভাইৰেল কৰাৰ ভাবুকি দিয়া বঙাইগাঁও জিলাৰ কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে এইবাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে গৃহ আৱণ্টন দিয়াৰ নামত উৎকোচ লোৱাৰ আন এক অভিযোগ উত্থাপন হৈছে৷ বিভিন্ন দুৰ্নীতি, কেলেংকাৰী, গুণ্ডাৰাজত জৰিত থকাৰ অভিযোগ থকা সভাপতিজনে চৰকাৰী গৃহ আৱণ্টন দিয়াৰ নামত ৫-৬ হাজাৰ টকাকৈ উৎকোচ লোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে৷

উৎকোচ নিদিলে দুৰ্ব্যৱহাৰ কৰাৰ লগতে দৰিদ্ৰ লোকে হাতত লৈ যোৱা নথি-পত্ৰ দলিয়াই পেলােৱাৰ অভিযোগ উঠিছে৷ আনকি কোকিলা প্ৰথম খণ্ডৰ এজন লোকৰ পৰা কাজিয়াৰ মীমাংসা কৰি দিয়াৰ নামত ১ লাখ টকা জৰিমণা বিহিছিল। জৰিমণাৰ সমূদায় টকা আদায় কৰি মীমাংসাৰ প্ৰাপ্ত পক্ষক ১০ হাজাৰ টকা আদায় দি বাকী ৯০ হাজাৰ টকা সভাপতিয়ে আত্মসাৎ কৰে। টকা খুজিলে সভাপতিজনে নানা ধৰণৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰে বুলি জানিব পৰা গৈছে৷ পঞ্চায়তৰ ৮ গৰাকী সদস্য-সদস্যাই অনাস্থা প্ৰস্তাৱ অনাৰ পিছতে এটাৰ পিছত আন এটা কেলেংকাৰীৰ তথ্য ফাদিল হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে