বজালীঃ মহিলা পঞ্চায়ত সভানেত্ৰীক অৰ্ধ উলংগ কৰি শাস্তি বিহিলে উত্তেজিত ৰাইজে৷ কেৱল মহিলা পঞ্চায়ত সভানেত্ৰীকে নহয় পুৰুষ পঞ্চায়ত সম্পাদককো একেলগে শাস্তি দিলে উত্তেজিত ৰাইজে৷ আইন হাতত তুলি লৈ নামনি অসমৰ বজালীৰ ডুমুৰীয়া গাঁও পঞ্চায়তত এই কাণ্ড সংঘটিত হৈছে৷ পুনৰ আইন হাতত তুলি লৈ উত্তেজিত লোকে বৰ্বৰ শাস্তি প্ৰদান কৰাত উত্তেজনাই বিৰাজ কৰিছে বজালীৰ ডুমুৰীয়াত৷
মহিলা সভানেত্ৰীক অৰ্ধ উলংগ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলা সভানেত্ৰীক অৰ্ধ উলংগ কৰি পিন্ধালে চেণ্ডেলৰ মালা৷ চেণ্ডেলৰ মালা পিন্ধালে পুৰুষ সম্পাদকক৷ এনে কাণ্ড সংঘটিত কৰি আসুৰিক তৃপ্তি লাভ কৰিব খোজা উত্তেজিত পুৰুষ মহিলাই নৃত্য কৰা পৰিলক্ষিত হয়৷ কাৰ্যালয়ত আক্ৰমণ কৰি উত্তেজিত লোকে পঞ্চায়ত কাৰ্যালয়ৰ চকী মেজ, নথিপত্ৰ, লেপটপসহসহ আচ-বাব ভাঙি দলিয়াই পেলাই৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷