বজালী পৰা কৈলাস চৌধুৰীঃ ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক কেইবাটাও ৰাষ্ট্ৰীয় বঁটা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে৷ এই কথা ঘোষণা কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ পাঠশালাৰ সাহিত্য সভা ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় বানে গৰকা ধেমাজি জিলা হিচাপে পৰিচিত জিলাখনে এইবেলি এক নতুন পৰিচয়ৰে আকোঁৱালি ল’বলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ‘দীনদয়াল উপধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ-২০২২’ অসমৰ ভিতৰতে ধেমাজি জিলাই সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ধেমাজিবাসীৰ বাবেই এক আনন্দৰ বিষয়৷ ৫০ লাখ টকাৰে পুৰস্কিত হৈ ধেমাজি জিলাই এক গৌৰৱময় মুহূৰ্তৰ সাক্ষী হ’বলৈ গৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷
নৱ-গঠিত বজালী জিলাবাসীৰ বাবেই আন এক গৌৰৱে উৎসাহিত কৰিবলৈ লৈছে বজালীবাসীক৷ কিয়নো অসমৰ ভিতৰতে বজালী উন্নয়ন খণ্ড আৰু ডিব্ৰুগড় জিলাৰ জয়পুৰ উন্নয়ন খণ্ডৰ পঞ্চায়তৰ লগতে ‘দীনদয়াল উপধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ-২০২২’ বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১নং বজালী আঞ্চলিক পঞ্চায়তে শ্ৰেষ্ঠ উন্নয়ন খণ্ড/আঞ্চলিক পঞ্চায়তৰ পুৰস্কাৰ লাভ কৰি নগদ ২৫ লাখ টকাৰে (প্ৰতিখন) পুৰস্কিত হ’বলৈ সক্ষম হৈছে। বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুগুৰীয়া গাঁও পঞ্চায়তে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰেষ্ঠ ‘শিশু-বান্ধৱ গাঁও পঞ্চায়ত বঁটা-২০২২’ লাভ কৰি ৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
একেদৰে টিহু-দে-খাটা পঞ্চায়তে ‘গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP) বঁটা-২০২২’ৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰি ১০ লাখ টকাৰে পুৰস্কিত হৈ গৌৰৱ বুলিবলৈ সক্ষম হৈছে। উল্লেখ থাকে যে, কামৰূপ জিলাৰ ডিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নৰটাব গাঁও পঞ্চায়ত, তিনিচুকীয়া জিলাৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তলপ গাঁও পঞ্চায়ত আৰু মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘজাপ গাওঁ পঞ্চায়তেও এই ‘দীনদয়াল উপধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ-২০২২’ লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনে। কেন্দ্ৰীয় চৰকাৰৰ ‘নেতাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম সভা পুৰস্কাৰ-২০২২’ৰ বাবে কামৰূপ জিলাৰ ডিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱাৰী গাঁও পঞ্চায়তখন উজলি উঠাত আন এক সুকীয়া গৌৰৱৰ কাৰণ হৈ উঠিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ অহা ২৪ এপ্ৰিলত এক গৌৰৱময় মুহূৰ্তক সাক্ষী কৰি জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ পল্লী গাঁও পঞ্চায়তত ‘ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস (NPRD-2022)ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া গাঁওসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত পুৰস্কাৰসমূহ প্ৰদান কৰিব।