March 26, 2023, 10:52 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পঞ্চভূতত বিলীন হ’ল দ্বিগজ ৰাজনৈতিক, প্ৰাক্তন ৰাষ্ট্ৰপতি ‘ভাৰত ৰত্ন’ প্ৰণৱ মুখাৰ্জীৰ নশ্বৰদেহ

Reporter Name
  • Update Time : Tuesday, September 1, 2020
  • 100 Time View

ডিজিটেল ডেস্কঃ পঞ্চভূতত বিলীন হ’ল দেশৰ দ্বিগজ ৰাজনৈতিক, প্ৰাক্তন ৰাষ্ট্ৰপতি ‘ভাৰত ৰত্ন’ প্ৰণৱ মুখাৰ্জীৰ নশ্বৰদেহ৷ সমগ্ৰ দেশে অশ্ৰুশিক্ত নয়নেৰে বিদায় যাচিলে সকলোৰে আদৰৰ প্ৰণৱ বাবুক৷ ৮৪ বছৰ বয়সত সোমবাৰে মৃত্যুক আকোৱালি লৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে৷ মঙলবাৰে ৰাজকীয় সন্মান প্ৰদান কৰি শেষকৃত্য সম্পন্ন কৰা হয় মুখাৰ্জীৰ৷ সৈন্য বিদায় প্ৰদান কৰা হয়৷

যোৱা মাহত মগজুৰ অস্ত্ৰোপচাৰ হৈছিল৷ তাৰ পিছতে হস্পিতালত থকাৰ সময়তে ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু চিকিৎসাধীন অৱস্থাত ক’মাত যোৱাত সোমবাৰে সকেলাকে কন্দুৱাই চিৰবিদায় মাগে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে৷ মৃত্যুৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে৷ মঙলবাৰে দিনৰ ২ বজাত সম্পূর্ণ সামৰিক সম্মানেৰে বিদায় দিলে ভাৰতৰত্নক৷ ২ বজাৰ পিছত পঞ্চভূতত বিলীন হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী৷

ৰাষ্ট্ৰীয় মৰ্যদাৰে কেন্দ্ৰীয় চৰকাৰে দিল্লীস্থিত লোধী ৰ’ড শ্মশানত শেষকৃত্য সম্পন্ন কৰে৷ ভাৰতৰত্ন মুখাৰ্জীৰ মৃতদেহ দিল্লীস্থিত চৰকাৰী আৱাসত ৰখাৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷ চৰকাৰী আৱাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বহু লোকে৷ ইতিমধ্যে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা।

এক অসাধাৰণ জীৱন যাত্ৰাৰ সামৰণি পৰে সোমবাৰে৷ ভাৰতীয় ৰাজনীতিৰ নক্ষত্ৰ প্ৰণৱ বাবুৱে চিৰবিদায় মাগিছিল সোমবাৰে৷ ১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জী দীৰ্ঘদিন ধৰি দিল্লীস্থিত সেনাৰ আৰএনআৰ হস্পিতালত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জীৰ সোমবাৰে আবেলি মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ২০১২ চনৰ ২০১৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদত কাৰ্যনিৰ্বাহ কৰা প্ৰণৱ মুখাৰ্জী ভাৰতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আছিল৷

দেশৰ ১৩ সংখ্যাক ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে কংগ্ৰেছ দলত থাকি কেন্দ্ৰীয় চৰকাৰৰ বহু কেইটা বিভাগৰ মন্ত্ৰী পদ চম্ভালিছে৷ ২০০৯ চনৰ পৰা ২০১২ চনলৈ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ভাৰতৰত্ন সন্মানৰ বাবে নিৰ্বাচিত কৰে৷

১৯৬৯ চনত ইন্দিৰা গান্ধীৰ কাৰ্যকালত ৰাজ্যসভাৰ বাবে মনোনীত হৈ আছিল প্ৰণৱ বাবু৷ তাৰ পিছৰে পৰা লোকসভা-ৰাজ্যসভালৈ বাৰে বাৰে নিৰ্বাচিত হৈ আহিছে৷ কংগ্ৰেছৰ প্ৰতিখন চৰকাৰত মন্ত্ৰী পদ লাভ কৰিছিল৷ দেশৰ বাবে সেৱা কৰাৰ মনোভাৱেৰে কাম কৰিছিল৷ ৰাজনৈতিক জীৱনত বহু বেছি বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই পৰা নাছিল প্ৰণৱ বাবুৰ৷

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জী শাৰীৰিক অৱস্থা অধিক জটীল হৈ পৰিছিল যোৱা দুদিন ধৰি৷ অত্যাধিক সংকটজনক অৱস্থালৈ গৈছিল প্ৰণৱ মুখাৰ্জীৰ অৱস্থা৷ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে হাওঁফাওঁৰ সংক্ৰমণৰ ফলত শাৰীৰিক অৱস্থাৰ অত্যাধিক অৱনতি হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ৷ সোমবাৰে আবেলি পৰ্যন্ত ক’মাত আছিল প্ৰণৱ মুখাৰ্জী৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে