March 28, 2023, 5:21 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজি মোকলাই দিয়া নাই কেন্দ্ৰই, লেভি সংগ্ৰহত বাধাৰে আন সংকটত ৰাজ্য

Reporter Name
  • Update Time : Monday, June 22, 2020
  • 231 Time View

স্কাই নিউজ ডেস্ক, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ বিত্তীয় পৰিস্থিত পূৰ্বতকৈ জটিল হৈ পৰিছে৷ বিশেষকৈ বানপানী আৰু গৰাখহনীয়াৰ সমখ্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিবলগীয়া এছডিআৰএফৰ পুঁজি কেন্দ্ৰই এতিয়ালৈ মুকলি কিৰ দিয়া নাই৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে ৰাজহ শিতানৰ জৰুৰীকালীন পুঁজি বান প্ৰতিৰোধৰৰ বাবে ব্যৱহাৰ কৰিব লাগিব৷ কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগত আনুদানসমূহ মুকলি কৰি নিদিয়াৰ বাবেও চৰম বিত্তীয় সংকটত ভূগি আছে ৰাজ্য চৰকাৰ৷ যোৱা এপ্ৰিল মাহতে পঞ্চদশ বিত্তীয় আয়োগৰ অনুদান ৰাজ্যসমূহে লাভ কৰিব লাগিছিল৷

ইফালে জিএছটিৰ ৰূপায়নৰ ফলত হোৱা বিত্তীয় ঘাটি কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে অসম চৰকাৰক মুকলি কৰি দিয়া নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজৰ লগত জড়িত আঁচনিসমূহৰ বাদ দি সকলো ধৰণৰ উন্নয়ন মূলক কাম-কাজ কেন্দ্ৰীয় চৰকাৰে ইকিমধ্যে বন্ধ কৰি থৈছে৷ ৰাজ্য চৰকাৰৰ নিজৰ ৰাজহ সংগ্ৰহৰ উৎস সমূহো লাহে লাহে টুটি আহিছে৷ পেট্ৰল-ডিজেলৰ দাম বাঢ়িছে যদিও ইয়াৰ ফলত ৰাজ্য চৰকাৰ লাভৱান নহয়৷ এনেদৰেই আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে যদিও ইয়াৰ পৰা প্ৰত্যক্ষভাৱে ৰাজ্য চৰকাৰে লাভাৱান্বিত নহয়৷ পেট্ৰল-ডিজেলৰ ৰয়েল্টি হিচাপে মাহেকত ২০০-২৫০ কোটি টকা ৰাজ্য চৰকাৰে লাভ কৰে৷

শেহতীয়া খবৰ মতে, জিএছটি পদ্ধতিৰে কৰ সংগ্ৰহ হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ আন এক ৰাজহ সংগ্ৰহৰ উৎস বন বিভাগৰ লেভি উঠোৱা ৰাজ্য চৰকাৰে বন্ধ কৰি দিছে৷ যোৱা ১৬ জুনত বন আৰু পৰিবেশ বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনে দিয়া এক নিৰ্দেশ যোগে বন বিভাগক সকলো লেভি আৰু টোল সংগ্ৰহ বন্ধ কৰি দিছে৷ ১১৮/২০১৪/পিটি/২৫৮ নিৰ্দেশৰ দ্বাৰা ৰাজ্যৰ বন বিভাগৰ প্ৰধান মুখ্য সংৰক্ষকক জনাই দিছে যে জিএছটি অক্ট-২০১৭ চনৰ ১০৩ নং ধাৰা অনুযায়ী ৰাজ্যৰ বন বিভাগে এতিয়াৰ পৰা কোনো ধৰণৰ লেভি বা উপ-কৰ সংগ্ৰহ কৰিব নোৱাৰিব৷

ইয়াৰ ফলত বন বিভাগৰ নিজৰ ৰাজহ সংগ্ৰহৰ উৎস বন্ধ হৈ পৰিল৷ বন বিভাগে নিজে উন্নয়ন কৰা ৰাস্তা-পদূলি বা ঘাটৰ ওপৰত লেভিৰ দ্বাৰা ৰাজহ সংগ্ৰহ কৰাৰ লগতে অবৈধ কাঠৰ বিষয়টো তদাৰক কৰিবলৈ বা বন্ধ কৰিবলৈ টোল গেটসমূহ স্থাপন কৰিছিল৷ ইয়াৰ দ্বাৰা চৰকাৰে মাহেকত কেইবা শ কোটি টকা ৰাজহ গোটাবলৈ সক্ষম হৈছিল৷ কিন্তু জিএছটি আইনৰ দোহাই জি ৰাজ্য চৰকাৰে শেহতীয়া ভাৱে লেভি সংগ্ৰহ বন্ধ কৰি হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিত্তীয় সংকটত ভূগি থকা ৰাজহ সংগ্ৰহৰ উৎস বৃদ্ধি কৰাৰ পৰিবৰ্তে এটা এটাকৈ বন্ধ কৰি কেন্দ্ৰীয় চৰকাৰৰ শৰনাপন্ন হোৱাৰ পৰিলক্ষিত হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে