গুৱাহাটীঃ দেশৰ কোভিড পৰিস্থিতিৰ বাবে বহু লোক এতিয়া কৰ্ম সংস্থাপনহীন হৈ পৰিছে। বিগত প্ৰায় ৬ মাহৰ লকডাউনৰ অন্তত এতিয়া আনলক প্ৰক্ৰিয়াৰে চৰকাৰে জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা চলালেও স্বছন্দ হৈ উঠা নাই। লকডাউনে জেপ উদং কৰিছে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ। এসাজ খাই উঠাৰ পিছত এতিয়া আন এসাজৰ বাবে চিন্তা কৰিবলগা পৰিস্থিতি!
তাৰ মাজতে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ কোঙা কৰি পেলাইছে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক। বজাৰত কেঁচা শাক-পাচলিৰ পৰা চেনী, ডাইল, আলু, পিঁয়াজলৈ সকলো বস্তুৰে দামে চকু কপালত তোলে। কিন্তু তাৰ পিছতো চৰকাৰৰ এটাই মন্ত্ৰ- দেশ এতিয়া উন্নতিৰ পথত!
সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমতো এতিয়া বিজেপি চৰকাৰখনে ন ন আঁচনি ৰূপায়ণ কৰি ভোটাৰক প্ৰলোভিত কৰাৰ চেষ্টা চলোৱা দেখা গৈছে। মন্ত্ৰী-বিধায়কসকলে প্ৰতিদিনেই কেইবাখনকৈ চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰি আহিছে। কিন্তু ৰাজ্যৰ দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীয়ে কেনেদৰে পেটৰ ভাতসাজ যোগাৰ কৰিবলগা হৈছে, তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ আহৰি নাই মন্ত্ৰী-বিধায়ক কিম্বা মুখ্যমন্ত্ৰী সোণোৱালৰো।
বুধবাৰে গুৱাহাটী চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ অন্তত ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে একপ্ৰকাৰ স্পষ্ট কৰি দিলে যে নৱেম্বৰ পৰ্যন্ত ৰাজ্যত আলু-পিঁয়াজৰ মূল্য হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। কাৰণ উৎসতে হেনো বৃদ্ধি পাইছে তাৰ মূল্য। বজাৰত এতিয়া প্ৰতিকিলো আলুৰ দাম ৫০ টকা পৰ্যন্ত হোৱাৰ বিপৰীতে এতিয়া প্ৰতিকিলো পিঁয়াজৰ মূল্য হৈছেগৈ ৪০ টকা পৰ্যন্ত।
আনহাতে আজিৰ বৈঠকত যোগান মন্ত্ৰী চৌধুৰীয়ে মিঠাতেলৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰিলেও বাকী খাদ্য সামগ্ৰী সমূহৰো মূল্য বৃদ্ধিয়ে এতিয়া সাধাৰণ গ্ৰাহকক মাধমাৰ শোধাইছে। আনফালে দুই এদিনৰ ভিতৰত বজাৰত চাউলৰ মূল্য বৃদ্ধি হোৱাৰো সম্ভাৱনাই দেখা দিছে।