মহাৰাষ্ট্ৰ বিজেপিয়ে কাইলৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিছে৷ ৰাজ্যিক মন্ত্ৰী আৰু এনচিপি নেতা নৱাব মালিকৰ মন্ত্ৰী পদ খাৰিজ কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব মহাৰাষ্ট্ৰ বিজেপিয়ে। মালিকক মানি লণ্ডাৰিং গোচৰত ৩ মাৰ্চলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে ন্যায়ালয়ে।
ইপিনে মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী চৰকাৰৰ মন্ত্ৰীসকলে কাইলৈ মুম্বাইত প্ৰতিবাদ সাব্যস্ত কৰিব৷ এনচিপি নেতা, মন্ত্ৰী নৱাব মালিকক প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব৷ কাইলৈ মহাত্মা গান্ধী স্মাৰকত প্ৰৱৰ্তন সঞ্চালকালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদৰ্শন কৰাৰ ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে৷
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই আণ্ডাৰৱৰ্ল্ড ডনেৰে নৱাব মালিকৰ ধনৰ লেন-দেন কৰাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰে৷ পুৱাই মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ দিনটোত সোধা-পোছাৰ অন্তত ন্যায়ালয়ত হাজিৰ কৰাত ন্যায়ালয়ে ১৪ দিনৰ ইডিৰ জিম্মাত প্ৰদান কৰে৷ আণ্ডাৰৱৰ্ল্ড ডন ডাউদৰে ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰৰ পিছতে নৱাব মালিক কয় যে মই ভয় নকৰোঁ, মই যুঁজিম৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী আৰু এনচিপি নেতা নৱাব মালিকক আজি মুম্বাইৰ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হয়৷ দাউদ ইব্ৰাহিমৰে ধন ৰপ্তানিৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে এনচিপি নেতা আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছে৷ ইতিমধ্যে এনচিপি নেতা শাৰদ পাৱাৰে দলীয় নেতাৰে বিশেষ বৈঠক অনুষ্ঠিত কৰি বিষয়টোক লৈ আলোচনা কৰে৷ ইপিনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু এনচিপি নেতা শাৰদ পাৱাৰে এই বিষয়ত বাৰ্তালাপ কৰে৷