ৰজনীকান্ত পাংগিংঃ ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ জনপ্রিয় নেতা, প্রধানমন্ত্ৰীৰ নতুন ধাৰা সৃষ্টিকাৰী হিচাপে পৰিগণিত হৈছে। মোদীৰ নেতৃত্বতে ভাৰতবৰ্ষই বিশ্বৰ লগত ফেৰ মাৰিব পৰা হৈছে। এই মন্তব্য বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ। আজি শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যালয়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূর্তি উপলক্ষে এখন সংবাদমেল সম্বোধন কৰি জিলা সভাপতিগৰাকীয়ে আৰু কয় যে আমাৰ ৰাষ্ট্ৰই বিগত ৮টা বৰ্ষত হাতৰ শিকলিৰ বান্ধ চিঙি বংশবাদ, জাতিবাদ, ভ্ৰষ্টাবাদ আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ পৰা উন্নয়ন, বিকাশ, একতা আৰু ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতিৰ দিশে দেশ আগুৱাই গৈছে বুলি উল্লেখ কৰে। সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূর্তি উপলক্ষে বিভিন্ন মৰ্চাসমূহে গ্ৰহণ কৰি লগীয়া কাৰ্যসূচীসমূহ সভাপতিগৰাকীয়ে উল্লেখ কৰে। কাৰ্যসূচীসমূহৰ ভিতৰত ২ জুনত জিলা মিডিয়া কোষৰ সংবাদমেল, ৩ জুনত জিলা যুৱ মৰ্চাৰ গ্ৰন্থ বিতৰণ, ৪ জুনত মহিলা মৰ্চাৰ আত্মসহায়ক গোটক সম্বর্ধনা, ৫ জুনত অ’বিচি মৰ্চাৰ গছপুলি ৰোপণ, ৬ জুনত মূল সমিতি আৰু বিভিন্ন কোষে সমাজৰ জাতি-ধৰ্ম, বৰ্ণ আৰু বয়স নির্বিশেষে সমাজৰ উত্তৰণৰ বাবে কাম কৰি থকা সফল ব্যক্তিসকলক সন্মান, ৭ জুনত পৌৰসভাৰ ৱাৰ্ড সদস্য, সদস্যাসকলে নগৰ অঞ্চলৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ লগত মত-বিনিময়, ৮ জুনত অনুসূচিত জাতি মৰ্চাৰ অনুসূচিত জাতি অধ্যুষিত অঞ্চলত জনসভা, ৯ জুনত চাহ মৰ্চাৰ বিৰচা মুণ্ডা দিৱস উদ্যাপন, ১০ জুনত অনুসূচিত জাতি মৰ্চাৰ জনগোষ্ঠীয় এলেকাত জনসভা, ১১ জুনত মহিলা মৰ্চাৰ হিতাধিকাৰীৰ গৃহ ভ্ৰমণ, অ’বিচি মৰ্চাৰ স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা আৰু ১২ জুনত ১০ হাজাৰ লোকৰ জনসভা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে।