ডিজিটেল ডেস্কঃ পুনৰ আন এগৰাকী ৰাজ নেতা ক’ৰোনাত আক্ৰান্ত হৈছে৷ বিধায়ক পংকজ সিং ক’ৰোনা পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে৷ উত্তৰ প্ৰদেশৰ নয়ডাৰ বিধায়ক পংকজ সিঙে খোদ টুইট কৰি ক’ৰোনা পজিটিভ ধৰা পৰাৰ কথা উল্লেখ কৰিছে৷ বিধায়কগৰাকীয়ে তেওঁৰ সংস্পৰ্শত অহা লোকসকলক ক’ৰোনা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। পংকজ সিং ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ৷