গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰঃ অসমৰ কেচাসোণ খ্যাত চাহৰ উদ্যোগৰ প্ৰতি চৰম ভাবুকি আহি পৰাৰ অভিযোগ উঠিছে। নেপালৰ চাহ আমদানীৰে অনা-অসমীয়া পুঁজিপতিয়ে গোলাঘাটত ক’লা বেপাৰ কৰাৰ অভিযোগ উঠিছে। গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং অভয়াৰণ্যত চাহ ফেক্টৰী প্ৰতিষ্ঠা কৰি সুদুৰ নেপালৰ পৰা চাহপাত আমদানী কৰি লোহিত টি কোম্পানীয়ে অসমৰ এটি কলি দুটি পাতৰ গৰিমা নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। লোহিত টি কোম্পানীৰ স্বত্বাধিকাৰী মনোজ কুমাৰ চুমানীৰ নেতৃত্বত নেপালৰ পৰা আমদানীকৃত কেইবাহাজাৰ কুইণ্টল চাহপাত টি বৰ্ডৰ অভিযানত জব্দ কৰা হৈছে। কিন্তু সমগ্ৰ বিষয়টো ভাৰতীয় চাহ বৰ্ডৰ গোলাঘাটস্থিত মাণ্ডলিক কাৰ্যালয়ে ৰহস্যজনকভাৱে গাপ দি ৰাখি সমগ্ৰ বিষয়টো সংবাদ মাধ্যমক জনোৱাৰ বিৰত আছ। টি বৰ্ডৰ বিষয়াই সাংবাদিককহে ওভটি ধৰি স্পৰ্শকাতৰ বিষয়টো এৰাই চলা পৰিলক্ষিত হয়।
উল্লেখ্য যে, Tea Marketing Act চমুকৈ TMCO আইন অনুসৰি বিদেশৰ পৰা চাহপাত আমদানী কৰি পেকেটিং কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ নিষেধ্যাজ্ঞা আছে যদিও মনোজ কুমাৰ চুমানী কোম্পানীয়ে নেপালৰ পৰা চাহপাত আমদানী কৰি অসমৰ চাহপাতৰ লগত মিহলাই পেকেটিং কৰি অসমৰ চাহ বুলি বিক্ৰি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত সৰৱ হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতি। এনে বিয়াগোগ অনিয়মৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চাহ খেতিয়কে দৃষ্টিগোচৰ কৰিছে বুলি জানিব পৰা গৈছে। বিদেশৰ চাহ আমদানীৰে এনে নীতিহীন প্ৰক্ৰিয়াৰ ফলত অসমৰ থলুৱা চাহ খেতিয়ক, বটলিব ফেক্টৰীসমুহ ক্ষতিগ্ৰস্থ হোৱাৰ লগতে একমাত্ৰ মুনাফা লুটাৰ উদ্দেশ্যেৰে বিদেশী চাহপাত আৰু অসমৰ চাহপাতৰ সানমিহলিৰে আৰম্ভ কৰা এনে ব্যৱসায়ে অসমৰ চাহৰ গৰিমা আৰু মাণদণ্ড অৱনমিত কৰিব বুলি অভিযোগ উঠিছে। লোহিত টি কোম্পানীৰ জব্দকৃত নেপালৰ চাহৰ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত টি বৰ্ডক ৰাজহুৱা কৰিবলৈ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোলাঘাট জিলা সমিতিয়ে দাবী জনাইছে। গোলাঘাট জিলাৰ নামবৰ বনাঞ্চলৰ গাতে লাগি থকা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ থুৰামুখৰ সমীপত প্ৰতিষ্ঠা কৰা লোহিত টি কোম্পানীৰ বিৰুদ্ধে ন-ন ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।