ডিজিটেল ডেস্কঃ অহা সোমবাৰে অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনীয়া গান্ধীয়ে পদবীৰ পৰা পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত বিশেষ সুত্ৰৰ দ্বাৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰকাশিত খবৰ মতে, কাৰ্যকৰী সমিতিৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধীয়ে পদবীৰ পৰা পদত্যাগ কৰিবলৈ সাজু হৈছে৷ সুত্ৰটোৰ মতে ছোনীয়া গান্ধীয়ে দলৰ নেতাসকলক দলৰ নতুন অধ্যক্ষ নিৰ্বাচিত কৰিবলৈ ইতিমধ্যে জনাই দি সোমবাৰে কাৰ্যকৰী সভাত পদত্যাগ কৰিব৷
কংগ্ৰেছৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ বিৰুদ্ধে একাংশ নেতা সৰৱ হৈ পৰাৰ লগতে বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিসম্বাদ আৰম্ভ হ’ব নে কি৷ এই প্ৰশ্ন এতিয়া সবল ভাৱে উত্থাপন হৈছে৷ কিয়নো ২০গৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই বৰ্তমানৰ অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীক পত্ৰ প্ৰেৰণ কৰি নিজৰ নিজৰ সুকীয়া মত প্ৰকাশ কৰি দলীয় নেতৃত্বৰ পৰিবৰ্তন বিচাৰিছে৷
অহা সোমবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সভা অনুষ্ঠিত হ’ব৷ খবৰ মতে, শেহতীয়াকৈ কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই পত্ৰ লিখি নেতৃত্ব সলনি কৰাৰ দাবী উত্থাপন কৰিছে৷ দলৰ আভ্যন্তৰীণ সংকট সন্দৰ্ভত চৰ্চা বিচাৰি ছোনীয়া গান্ধীক সাক্ষাৎ পাব বিচাৰে এইসকল নেতাই৷ বৰ্তমানৰ পৰিস্থিতিৰ দোহাই দি প্ৰশ্ন উত্থাপন কৰি সমূহীয়া নেতৃত্বৰ দাবী কৰে৷
পত্ৰৰ দ্বাৰা নেতৃত্ব সলনি কৰাত হোৱা বিলম্বক লৈ প্ৰশ্ন উত্থাপন কৰে৷ পত্ৰ লিখা নেতাসকলে ছোনীয়া গান্ধীৰ সৈতে আলোচনাত বহিবলৈ সময় বিচাৰে৷ আনন্দ শৰ্মা, কপিল চিব্বাল, গোলান নবী আজাদ, বিবেক তনখা, পৃথ্বীৰাজ চৌহান, বীৰাপ্পা মেলী, শশী থৰুৰ, ভূপেন্দ্ৰ হুদ্দা, ৰাজ বব্বৰ, মণীষ তিৱাৰী, মুকুল বাচনিকসহ কেইবাগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষই পত্ৰ দিছে৷
কংগ্ৰেছত নেতৃত্ব সলনি কৰাৰ বিষয়টোক লৈ কংগ্ৰেছৰ ভিতৰচৰাত ব্যাপক উকমুকনি চলি থকাৰ সময়তে অহা সোমবাৰে দিনৰ ১১ বজাত কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব৷ ভিডিঅ’ কনফাৰেন্স যোগে অনুষ্ঠিত হ’ব কাৰ্যকৰী সমিতিৰ বৈঠক৷ এই বৈঠকত বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি, অৰ্থব্যৱস্থাৰ স্থিতি, ক’ৰোনা ভাইৰাছসহ কেইবাটাও বিষয় আলোচনা কৰা হ’ব৷ ছোনীয়া গান্ধীয়ে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ
এবছৰ পাৰ হোৱাৰ সময়তে কাৰ্যকৰী সমিতিৰ সভা অনুষ্ঠিত হ’ব৷