নুমলীগড়ঃ নুমলীগড়ৰ বকলীয়াত পথ মেৰামতিৰ দাবীত কেইবাটাও জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে বুধবাৰে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটছা, আটাছু আৰু বকিয়ালবাসী ৰাইজে বকিয়ালত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৰাবঙলাৰ পৰা বগীজান-মুৰফুলনী সংযোগী পথৰ বিধ্বস্ত অৱস্থাই ৰাইজক দুৰ্ভোগ ভোগাই আহিছে৷ দৈনিক হাজাৰ হজাৰ পথচাৰীয়ে জ্বলা-কলা খাব লগা হৈছে পথটোৰ বাবে৷ বিধ্বস্ত পথ শীঘ্ৰে মেৰামতি কৰাৰ দাবীত চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰে৷