মুৰফুলনীঃ লকডাউনৰ ফলত আৰ্থিক সমস্যাত ভূগা নুমলিগড়ৰ সমীপৱৰ্তী কৌৱানী অঞ্চলৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীক আজি সাহায্য বিতৰণ কৰে বিলিভাৰ ইষ্টাৰ্ণ চাৰ্ছৰ অন্তৰ্গত যোৰহাটস্থিত বেচৰকাৰী সংস্থা হোপ ফ’ৰ চিল্ড্ৰেণ-এ।
অঞ্চলটোৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালক চাউল, ডাইল, মিঠাতেলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰে। উল্লেখ্য যে, এই সামাজিক সংস্থাটোৱে ইয়াৰ পূৰ্বেও বিগত কেইবাবছৰ ধৰি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি প্ৰদান কৰি আহিছে। সংস্থাটোৰ এই সহায়ৰ শলাগ লৈছে ৰাইজে।