নুমলীগড়ঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নুমলীগড়ৰ কমাৰগাঁৱত চুতীয়া ছাত্ৰ সন্থাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পে’ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গান দি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৰ কৰ্মীসকলে।