নুমলীগড়ঃ নুমলীগড়ৰ কাষৰীয়া শ্যামৰাই পুৰৰ বৰচালিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। অঞ্চলটোত নদীত মাছ ধৰিবলৈ গৈ সলিল সমাধি ঘটে এজন ১৫ বছৰীয়া মেধাৱী ছাত্ৰৰ।
জানিব পৰা মতে, এৰালো যাতাব নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে সমনীয়াৰ সৈতে দৈগ্ৰোং নদীত মাছ ধৰবিলৈ গৈছিল। জালেৰে বাৰিষাৰ নদীত মাছ ধৰি থাকোতেই জালত পাক হৈ নদীত বুৰ যায় ছাত্ৰজন। সেয়া দেখি একেলগে থকা সমনীয়া কেইজনে ছাত্ৰজনক বচাবলৈ চেষ্টা কৰে যদিও বিফল হয়।
পিছত গাঁওৰক্ষী বাহিনী আৰু পৰিয়ালৰ লোকে বগীজান আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰোণত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ছাত্ৰজনৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকাময় পৰিৱেশে বিৰাজ কৰিছে।