নুমলীগড়ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত আছে৷ তাৰ মাজতে নুমলীগড়ত মৰঙিৰ বগীঢলা মুগা পামত বনৰীয়া হাতীৰ মুক্ত বিচৰণে ৰাইজ আতংকিত হৈ পৰিছে৷ নিতৌ হাতীৰ সন্ত্ৰাস অব্যাহত থকাত আতংকিত হৈ পৰিছে ৰাইজ৷ কেতিয়াবা যদি চাহ বাগিচাত, কেতিয়াবা আকৌ গাঁৱত মুক্তভাৱে বিচৰণ কৰি গৈছে হাতীৰ জাকে।
নিশাটো বাদেই দিনৰ পোহৰত হাতীৰ বৃহৎ জাকে ঘূৰা-ফুৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্যে যে, এটা বৃহৎ হাতীৰ জাক কেইবাটাও ভাগত বিভক্ত হৈ গাঁৱৰ মাজত সোমাই পৰাত বিবুধিত পৰিছে ৰাইজ। ৰাইজে নিজে হৈ-হাল্লা কৰি হাতী খেদে যদিও বন বিভাগ গভীৰ নিদ্ৰাত থকা দেখা যায়৷ ইফালে বছৰ বছৰ ধৰি হাতীয়ে সন্ত্ৰাস চলাই আহিছে যদিও আজি পৰ্যন্ত বন বিভাগে হাত খেদাৰ ব্যৱস্থা কৰা নাই।