বোকাখাতঃ কোভিড-১৯ৰ আতংকৰ মাজতে বানৰ তাণ্ডৱ অব্যাহত আছে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নুমলীগড়ৰ সমীপৱৰ্তী যোগনীয়া এলেকাত৷ নুমলীগড়ৰ যোগনীয়া এলেকাৰ কেইবা শ পৰিয়ালৰ ঘৰ-বৰ ডুব যোৱাত ব্যাপক সমস্যাত পৰিছে৷ কেই শ পৰিয়ালৰ বানৰ কৱলত পৰি শেহতীয়া পৰিস্থিতি বৰ্ণনা কৰিব নোৱাৰি৷ পৰিয়ালৰ ঘৰসমূহৰ কেৱল মুধচহে ওলাই আছে৷ জীৱ-জন্তুৱে এতিয়াও ওখ আইলৈ উৱিয়াই আনিব পৰা নাই৷
বানৰ পানীত ককবকাই থাকি খাদ্য-সামগ্ৰীৰ অভাৱত পৰিছে ৰাইজ৷ মহাবাহু ব্ৰহ্মপুত্ৰ, ধনশিৰি আৰু গেলাবিল নৈৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাৱোৰ ফলত যোগনীয়া, চহলা চাপৰি, নিকৰি, বৰতল, বংকোৱাল, অফলা বৰটিকাকে ধৰি প্ৰায় অৰ্ধ শতাধিক গাঁও বানৰ কৱলত পৰিছে।
বিদ্যালয়, নামঘৰ আদি বৰ্তমান বাঢ়নী পানীৰ তলত। ইতিমধ্যে পৰিয়ালসমূহে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিছে। সমান্তৰালকৈ ভিতৰুৱা গাঁওসমূহত বানৰ মাজত আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। আনফালে বানৰ বাবে খাদ্য সংকটত পৰা লোকসকলক স্থানীয় প্ৰশাসনে বান-সাহায্য প্ৰদান কৰিছে যদিও পৰ্যাপ্ত নহয় বুলি জানিব পাৰ গৈছে৷