নুমলীগড়ঃ চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীত নুমলীগড়ত কেইবা শতাধিক চাহ শ্ৰমিকে মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বাগিচাৰ কাম এৰি পুৰুষ-মহিলা শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷
অসম চাহ মজদূৰ সংঘৰ নেতৃত্বত পাৰিশ্ৰমিক বৃদ্ধিৰ লগতে কেইবাটাও সমস্যাৰ সমাধান কৰাৰ দাবীত তীব্ৰ সাব্যস্ত কৰে শ্ৰমিকসকলে। ১৬৭ টকা হাজিৰা লাভ কৰা শ্ৰমিকসকলে ঘৰ চলোৱাত অসুবিধা হোৱা বুলি অভিযোগ উত্থাপন কৰে৷ চাহ বাগিচাৰ শ্ৰমিক সকলে দৈনিক হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায় নুমলীগড়ৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে।
বাগিচাৰ শ্ৰমিকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা দলসমূহৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে নুমলীগড় বাগিচা সংঘই৷ দাবী পূৰণ নহ’লে বাগিচা বন্ধ কৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰাই নহয় আগন্তক নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ ধমকি দিয়ে চাহ মজদুৰ সংঘই৷