March 29, 2023, 10:47 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নুমলীগড়ত জাতিৰ আবেগ জড়িত ৰজাদিনীয়া গড় খান্দি পেলোৱা কাৰ্যক ধিক্কাৰ লুৰিণজ্যোতিৰ

Reporter Name
  • Update Time : Thursday, June 18, 2020
  • 169 Time View

নুমলীগড়ঃ উজনিত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে ৰাইজ৷ বাঘজানত তৈল খাদত বিস্ফোৰণ সংঘটিত হৈ দুগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবা হাজাৰ লোকে শৰণাৰ্থী শিবিৰত থাকিবলগীয়া হোৱাৰ সময়তে এইবাৰ অসমৰ মানুহৰ আবেগ জড়িত এটা ৰজাদিনীয়া গড় খান্দি তেলৰ পাইপ বহুওৱাৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে৷

নুমলীগড়ৰ ঐতিহাসিক নুমলীকুঁৱৰী গড় খান্দি ধ্বংস কৰা কাৰ্যৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উক্ত ঠাই ভ্ৰমণ কৰে৷ লুৰিণজ্যোতি গগৈ সহ আছুৰ স্থানীয় নেতাৰ লগতে এটা প্ৰতিনিধি দলে উক্ত অঞ্চল ভ্ৰমণ কৰি আচৰিত হৈ পৰে৷ অসমীয়া জাতিৰ আবেগ জড়িত হৈ থকা ৰজাদিনীয়া গড় খান্দি পেলোৱা কাৰ্যক ধিক্কাৰ দিয়ে আছুৱে৷ এই কাৰ্য কৰা সকলৰ বিৰুদ্ধে শাস্তিৰ পোষকতা কৰে আছুৱে৷

অঞ্চল পৰিদৰ্শন কৰি অইলৰ এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই লুৰিণজ্যোতি গগৈয়ে৷ নুমলীগড়ত অইল ইণ্ডিয়া লিমিটেডে বুলডজাৰ চলাই কছাৰী ৰজাৰ স্বাক্ষৰ বহন কৰা নুমলীকুঁৱৰীৰ গড় খান্দি ধ্বংস কৰাই নহয় অইলে গড়টো দ্বিখণ্ডিত কৰি পাইপ বহুৱাইছে বুলি কয় আছুৱে৷

অইল ইণ্ডিয়া লিমিটেডে গড় ধ্বংস কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ এই কাৰ্য বন্ধ কৰিবলৈ দাবী জনােৱাৰ লগতে ইফালে প্ৰশাসনৰ সন্মুখতে গড়টো খান্দি তচ-নচ কৰাত জাঙুৰ খাই উঠিছে জীপাল শ্ৰমিক সংঘ, আছু, আটাছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি স্থানীয় দল-সংগঠন তথা স্থানীয় ৰাইজ।

অভিযোগ মতে, পূৰাতত্ব বিভাগৰ মানচিত্ৰৰ পৰা ঐতিহাসিক সমল নিঃশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ। ইফালে গড়টোৰ যি স্থানত অইলে পাইপ বহুওৱাৰ নামত খনন চলাইছে সেই স্থানতে আছিল এটা হস্তী দণ্ডী। যাৰ বাবেই এতিয়া সৰ্বত্ৰ উঠিছে প্ৰতিবাদৰ জোৱাৰ। জাঙুৰ খাই উঠিছে দল সংগঠন। এতিয়া প্ৰশ্ন হয় অইল ইণ্ডিয়াই কাৰ অনুমতি সাপেক্ষে খান্দি নিঃশেষ কৰিছে বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰী গঁড় আৰু হস্তী দণ্ডী।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে