অৰুপ পুজাৰী, মূৰফুলনীঃ নুমলীগড়ৰ বি.জি.কে চাহ বাগিচাত পোন প্ৰথমবাৰৰ বাবে উড়িয়া ভাষাত ভাগৱত পাঠ আৰম্ভ হৈছে৷ নুমলীগড়ৰ চাহ বাগিচাত ব্যতিক্ৰমী দৃশ্য প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে ৰাইজ। বাগিচাৰ নামঘৰত পোন প্ৰথমবাৰৰ বাবে উড়িয়া ভাষাত ভাগৱত পাঠ কৰা হয়৷ নুমলীগড়ৰ মৰঙি মৌজাৰ বি.জি.কে চাহ বাগিচাত আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে। অবিৰতভাৱে চাহ বাগিচাখনত সাতদিনীয়াকৈ উড়িয়া ভাষাত ভাগৱত পাঠ চলিব। বাগিচাৰ শ্ৰমিক ৰাইজৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজে বিশেষ ভাগৱত পাঠত সমবেত হোৱা পৰিলক্ষিত হৈছে৷ ৰাইজে চাকি বন্তি জ্বলাই সেৱা অৰ্চনা কৰাও দেখা গৈছে৷