অৰুপ পুজাৰী, মূৰফুলনীঃ নীৰাপত্তাহীনতাত নুমলীগড় শোধনাগাৰৰ টেংকাৰ চালক৷ চালকক আক্ৰমণ কৰি টেংকাৰ হাইজেক কৰাৰ প্ৰয়াস৷ দিন দুপৰতে চালকক কৌশলৰে নমাই নিৰ্জন ঠাইত আক্ৰমণ কৰি টেংকাৰ লৈ উধাও হোৱাৰ প্ৰয়াস৷ ১৪ মাৰ্চত তেলগৰমক ভয়ংকৰ ঘটনা৷ চালক নীতিশ কুমাৰক দুৰ্বৃত্তই বেয়াকৈ প্ৰহাৰ কৰি পেলাই থৈ যোৱাৰ পিছতে নীতিশ কুমাৰে ড্ৰাইভাৰ ইউনিয়নৰ লোকে উদ্ধাৰ কৰে৷ কথমপি টেংকাৰ চালক আৰু আন আন কৰ্মচাৰীসকলৰ প্ৰাণ ৰক্ষা পৰে৷ দিন দুপৰতে টেংকাৰ ড্ৰাইভাৰক কৌশলৰে নমাই নি নিৰ্জন ঠাইত আক্ৰমণ কৰি নিৰ্মম প্ৰহাৰ কৰি প্ৰাণ নাশৰ অপচেষ্টা কৰাৰ ঘটনা প্ৰচাৰৰ পিছতে শংকিত হৈ পৰিছে চালকসকল৷ নুমলীগড় শোধনাগাৰৰ পৰা তেলভৰ্তি টেংকাৰ দুই কিলোমিটাৰ গৈ তেলগৰম পাওতেই কৌশলৰে কৰে এই ভয়ংকৰ ঘটনা সংঘটিত কৰে৷ নীতিশ কুমাৰ নামৰ টেংকাৰ চালকক তিনি দুৰ্বৃত্তই ডিঙি, মূৰ, বুকু, হাতত বেয়াকৈ প্ৰহাৰ কৰি পেলাই থৈ যোৱাৰ পিছত নীতিশ কুমাৰে ড্ৰাইভাৰ ইউনিয়নৰ লগত ফোন কৰি অৱস্থাৰ কথা ব্যক্ত কৰে৷ ইউনিয়নৰ লোকে উদ্ধাৰ কৰি প্ৰথমে ভিকে এনআৰএল আৰু পিছত যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে৷ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো দুৰ্বৃত্তক কৰায়ত্ত কৰাত বিফল আৰক্ষী৷ এতিয়া নিৰাপত্তাহীনতাত টেংকাৰ চালকসকল৷