দুধনৈঃ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ মাজত নিজক পুনৰ এবাৰ প্ৰতিষ্ঠা কৰাত উঠিপৰি লাগিছে ৰাজ্যৰ মন্ত্ৰী-বিধায়ক তথা ৰাজনৈতিক নেতাসকল। যোৱা ৫ বছৰে শুই-বহি সমষ্টিবাসীলৈ পিঠি দি থকা বিধায়কসকলেও এতিয়া ৰাইজৰ উন্নয়নৰ কাম হাতত লৈ চমক সৃষ্টি কৰিছে। ৰাজ্যৰ অন্যতম বিধানসভা সমষ্টি দুধনৈতো শাসকীয় দলৰ বিধায়ক দীপক কুমাৰ ৰাভাই শেহতীয়াকৈ গ্ৰহণ কৰিছে তেনে কিছু উন্নয়নমূলক কাম-কাজ। বিধায়ক ৰাভাই দেওবাৰৰ দিনটোতে সমষ্টিটোত ৪টাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে।
দৰংগিৰিৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কণ্যাকুচী পাহাৰলৈ যোৱা ৮০০ মিটাৰ পথ উন্নীতকৰণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে। ২০১৯-২০ বিত্তীয় বৰ্ষৰ SOPD (G) আচঁনিৰ অধীনত ১৫,৪৪,১৮৯.০০ টকা ব্যয়ৰে পথটি পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হ’ব। আনহাতে SOPD আচঁনিৰ ৬৪,৭৩,০৪৩.০০ টকা ব্যয় সাপেক্ষে দৰংগিৰি-খাৰকুটা পথৰ পৰা মেলোপাৰালৈ যোৱা ১.১১ কিলোমিটাৰ পথটোৰো শুভ উদ্ধোধন কৰে বিধায়কজনে। ছোটমাটিয়াত ডাবেলি-চেচাঁপানী পথৰ পৰা ডিৰ্মাজাখিলীলৈ যোৱা ডেৰ কিলোমিটাৰ পথ SOPD আচঁনিৰ ৩৪,৫৬,৫২৫.০০ টকা ব্যয় সাপেক্ষ পেলনীয়া প্লাষ্টিকেৰে পথ উন্নীতকৰণৰ কাম আৰু ডাবেলি-চেচাঁপানী পথৰ পৰা বৰপথাৰলৈ যোৱা ১.৪ কিলোমিটাৰ পথ SOPD (G) আঁচনিৰ ১,০২,৪২,০০০ টকা ব্যয়ৰে নৱ নিৰ্মাণৰ পথৰ কাম আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিধায়ক দীপক ৰাভাই ।
উল্লেখ্য যে, বৰপথাৰ অঞ্চললৈ যাতায়ত কৰা পথছোৱা দীৰ্ঘদিনৰে পৰা বোকাময় হৈ থকাত যাতায়তৰ ক্ষেত্ৰত ৰাইজে যমৰ যাতনা ভুগি আহিছে৷ ৰাইজৰ দুখ-বেদনাৰ সমভাগী হৈ বিধায়ক দীপক কুমাৰ ৰাভাই চিগনেচাৰ প্ৰজেক্টৰ ধনেৰে উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি কামৰ শুভাৰম্ভ কৰে ৷ বিধায়ক গৰাকীৰ এনে প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অঞ্চলবাসী ৰাইজে শলাগ লয়৷