বোকাখাতঃ ৰাজ্যত ক’ৰোনাৰ সংহাৰ অব্যাহত থকাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ ৰাজ্যত চোৰাং চিকাৰীয়ে দৌৰাত্ম অব্যাহত ৰখাৰ সময়তে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা ৰচনা কৰি থকা এটা চোৰাং চিকাৰীৰ দল নিৰাপত্তাৰক্ষীৰ জালত পৰিছে৷
বনকৰ্মীৰ তৎপৰতাৰ বাবে গঁড় হত্যাৰ ষড়যন্ত্ৰ বিফল কৰাৰ লগতে চোৰাং চিকাৰীক জালত পেলাই মঙলবাৰে নিশা৷ এক গোপন সুত্ৰ পম খেদি জখলাবন্ধাৰ আৰক্ষী আৰু পুব কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে চলোৱা যৌথ অভিযানত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ভিন্ন স্থানৰ পৰা ৪জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
চোৰাং চিকাৰী কেইজন কুঠৰী ৰাজাআলিৰ বাবুল আলী, নগাঁও কঠিয়াতলিৰ জমিৰ আলী, হাওৰাঘাটৰ জাপন হৰসিং-ক্ৰ-গাঁৱৰ কাংবুৰা টকবী আৰু হাওৰাঘাট ৰংহাং গাঁৱৰ হেমাৰী ইংতি৷ চিকাৰী কেইজনৰ পৰা ৩.৩ ৰাইফল এটা, ৫ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷