ডিজিটেল ডেস্কঃ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নিৰজ চোপ্ৰাই অংশগ্ৰহণ কৰিব নোৱাৰিব কমনৱেল্থ গেমছত৷ এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগেই চিন্তিত হৈ পৰিছে অনুৰাগী সকল৷ নিৰজে শেহতীয়াকৈ ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা আঁতৰি আহিছে। ইয়াৰ কাৰণ আঘাতৰ বাবে খেলিব নোৱাৰিব ভাৰতীয় খেলুৱৈ গৰাকীয়ে৷ IOAৰ সাধাৰণ সম্পাদক ৰাজীৱ মেহতাৰ উদ্ধৃতি দি টাইমছ নেটৱৰ্কে কয় যে, “নিৰজ চোপ্ৰাই কমনৱেলথ গেমছৰ পৰা বঞ্চিত হ’ব কিয়নো তেওঁ খেলৰ বাবে ১০০% ফিট নহয়।