March 30, 2023, 4:12 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নিশা সেনাই উঠাই নিয়া অসমীয়া যুৱকে নাপালে ঘৰ, সেনাৰ জিম্মাতে মৃত্যু, ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া

Reporter Name
  • Update Time : Monday, June 15, 2020
  • 148 Time View

ডিজিটেল ডেস্কঃ খিলঞ্জীয়া মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে নে কি অসমত? ইজনৰ পিছত সিজন খিলঞ্জীয়া লোকে অকালতে মৃত্যুক আকোৱালি ল’ব লগা হৈছে৷ তিনিদিন পূৰ্বে এগৰাকী খিলঞ্জীয়া যুৱকক গুৱাহাটীৰ ৰাজপথত ডিঙি ৰেপী হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ উজনি অসমৰ এগৰাকী যুৱকক সেনাই ঘৰৰ পৰা উঠাই নিয়াৰ পিছতে মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই কাণ্ড সংঘটিত হৈছে যোৰহাট জিলাৰ বৰহোলাত৷

জানিব পৰা মতে, বৰহোলাৰ থানাৰ অন্তৰ্গত বালিজান গাভৰুআলীৰ প্ৰাক্তন সেনাজোৱান হেম বৰাৰ পুত্ৰ জয়ন্ত বৰাক যোৱা নিশা সেনাই ঘৰৰ পৰা উঠাই নিছিল৷ চৰাইদেউ জিলাৰ সেনাই ঘৰৰ পৰা উঠাই নিয়াৰ পিছতে সেনাৰ জিম্মাত যুৱকজনৰ মৃত্যু হয়৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰহস্যজনক মৃত্যুক লৈ ছ’চিয়েল মিডিয়া গৰম হৈ পৰিছে৷

পৰিয়াল দাবী কৰা মতে, সোমবাৰে নিশা প্ৰায় ২ বজাত সেনাৰ এটা দলে আৰক্ষীক লগত লৈ জয়ন্ত বৰাৰ ঘৰত উপস্থিত হৈ অস্ত্ৰ বিচাৰি তালাচী চলায়। সেনাই তালাচী চলালেও অস্ত্ৰৰ শুংসুত্ৰ নোপোৱাৰ পিছতে ২৩ বছৰীয়া জয়ন্ত বৰাক তিনিখন কাগজত স্বাক্ষৰ কৰিই সেনাই গাড়ীত উঠাই লৈ যায়।

সেনাই যুৱকজনক কলৈ লৈ তাৰ তথ্য পৰিয়ালৰ দিয়া নাছিল। জানিব পৰা মতে, জয়ন্তৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থাত বৰহোলা আৰক্ষীক গতাই দিয়ে৷ বৰহোলাৰ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতে পুৱা যুৱকজনৰ হঠাতে মৃত্যু হয়৷

জয়ন্ত বৰাৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে। জয়ন্ত বৰা নামৰ যুৱকজনৰ পিতৃ প্ৰাক্তন সেনা জোৱান আছিল আৰু ৮ বছৰৰ পূৰ্বে মৃত্যু হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে