বহিঃৰাজ্যত সন্দেহজনক ভাৱে পুনৰ অসমৰ যুৱকে মৃত্যুক আকোৱালি লোৱাত বিটিচিৰ তামুলপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তামিলনাডুৰ চেন্নাইৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত তামুলপুৰৰ বাৰেইগাঁৱৰ দীনেশ দাসৰ পুত্ৰ ২৮ বছৰীয়া প্ৰাঞ্জল দাসে সন্দেহজনকভাৱে মৃত্যুক আকোৱালি লয়৷ চাৰিবছৰ ধৰি চেন্নাইৰ এটি কোম্পানীত কৰ্মৰত প্ৰাঞ্জল দাসক এজন বন্ধুৱে ২১ ফেব্ৰুৱাৰীত ভাত খাবলৈ মাতি নি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। পুৱা মাতৃৰ সৈতে ফোনত কথা পাতিছিল যদিও নিশা হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে৷ বিগত চাৰিবছৰ ধৰি চেন্নাইৰ এছআইএছ চিকিউৰিটি ইণ্টিলেজেন্স চাৰ্ভিছৰ অধীনত কাম কৰি আছিল৷ যোৱা ২১ ফেব্ৰুৱাৰীত প্ৰাঞ্জলৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছিল পৰিয়ালে৷ প্ৰাঞ্জলৰ মৃত্যুক সহজ ভাৱে লব পৰা নাই পৰিয়ালৰ লোকে৷ ইতিমধ্যে চেন্নাইৰ গুণ্ডি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে৷ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী জনাইছে পৰিয়ালে।