ষ্টাফ ৰিপৰ্টাৰ, নিউজ ডেস্কঃ গুৱাহাটীত লক-ডাউনৰ দ্বিতীয়টো দিন৷ সোমবাৰৰ দৰে মঙলবাৰেও মহানগৰীত দেখ গ’ল নিমাওমাও পৰিবেশ৷ দুই এজনৰ বাহিৰে চহৰখনৰ অধিকাংশ লোকেই লক-ডউনৰ প্ৰতি স্বতঃস্ফূৰ্ত সহাৰি দিয়া দেখা গৈছে৷
ইফালে লক-ডাউন যাতে অনাহকে কোনেও ভংগ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ ভিন্ন প্ৰান্তত সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন৷ যিসকলে লক-ডাউন ভংগ কৰি ৰাজপথলৈ উলাই আহিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে মহানগৰ আৰক্ষীয়ে৷
সোমবাৰৰ দিনটোত লক-ডাউন ভংগ কৰা ২৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইয়াৰ লগতে ১১২খন চাৰিচকীয়া বাহন আৰু ৬১খন দুচকীয়া বাহনও আৰক্ষীয়ে জব্দ কৰে৷ উল্লেখ্য যে মুখত মাস্ক নিপিন্ধা তথা চৰকাৰী নীতি নিদেৰ্শনা পালন নকৰা লোকক ৩ হাজাৰ টকালৈকে জৰিমনা বিহিছে প্ৰশাসনে৷