গুৱাহাটীঃ ৰাজ্যৰ একাংশ নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে চাৰিচকীয়া বাহন বিতৰণ কৰে৷ মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে খানাপাৰাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠান যোগে আনুষ্ঠানিকভাৱে বাহন বিতৰণ কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াত এই আঁচনিয়ে উল্লেখ যোগ্য সহায় কৰিব বুলি কয়৷
চৰকাৰে সদায় সমাজৰ দুৰ্বলসকলৰ বাবে কাম কৰি যাব বুলি কৈ ইয়াৰ দ্বাৰা গ্ৰাম্য এলেকাত যাতায়াত ব্যৱস্থা সুচল হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত এখোজ আগুৱাই আৰু গ্ৰাম্য যাতায়াত ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে বাহন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ এই অনুষ্ঠানত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে৷