‘ধন্যবাদ। নিথৰ জলাশয় এটাত কঁপনি তোলাই কবিৰ কাম। কঁপনি, অর্থাৎ সৃজনশীল প্রতিক্রিয়া (Creative reaction)। ধ্বনি-বৈভৱতে কেতিয়াবা কবিতাৰ ভালেখিনি অর্থ-অনর্থই প্রকাশ লাভ কৰে।’
‘আপোনাৰ কথাখিনি নুবুজিলোঁ।’
‘বুজাব নোৱাৰিম। কবিতাৰ কিছুমান কথা আনক ভালকৈ বুজাব নোৱাৰোঁ। তাতেই মোৰ লেঠা।’
‘এৰা, বহুত কথাই বুজাব নোৱাৰি, কেৱল অনুভৱ কৰিবহে পাৰি।’
‘কথাটো বহুতে নুবুজে। মোৰ দেশত বহুতৰ কাৰণে মই এজন দুর্বোধ্য কবি।’ ‘কোনো ভাল কবিয়েই দুর্বোধ্য নহয়। আপুনি ভাল কবি।’
‘ভালনে বেয়া কবি মোৰ কবিতা নপঢ়াকৈ কেনেকৈ জানিবা?’
‘আপুনি এজন ভাল মানুহ।’
‘এদিনলৈ লগ পাই কেনেকৈ বুজিবা?’
‘কবিৰ জীৱন দুখৰ।’
‘দুখৰ নহ’লেও সুখৰ নহয়। লেমনতফে কৈছিল— ‘What is the life of a poet without suffering? অৱশ্যে তেওঁ ঊনৈছ শতিকাৰ মানুহ আছিল।’
কবি নীলমণি ফুকনৰ ষ্ট্ৰগা কবি সন্মিলনলৈ গৈ কবিতা পাঠ কৰাৰ পাছত এই কথপোকথন। বিশিষ্ট সমালোচক ড০ হীৰেন গোহাঁই ‘সাগৰতলিৰ শংখ’ক পাতনিত নীলমণি ফুকনৰ সৃষ্টি পৰিক্ৰমাৰ সৈতে কবি ৱৰ্থছৱৰ্থৰ সৃষ্টিশীল পৰিক্ৰমাৰ লগত তুলনা কৰিছে। ৱৰ্থছৱৰ্থ আৰু নীলমণি ফুকন দুইজনেই মানৱতাৰ জয়গান গাইছিল। নীলমণি ফুকনৰ প্ৰায়সমূহ কবিতাতে মানুহ আৰু জাতিক ভালপোৱাৰ বিমূৰ্ত প্ৰকাশ আছে। তেওঁৰ কবিতাত ‘টায়াৰ জ্বলাই’ অসমীয়া যুৱকৰ নিঠৰ দেহক ৰাষ্ট্ৰযন্ত্ৰই অপমান কৰাৰ বিৰুদ্ধে প্ৰতিবাদো আছে।
‘টায়াৰ পোৰা গোন্ধাইছে
ল’ৰাকেইটাক টায়াৰ জ্বলাই পুৰিছে
সেয়া আকৌ একেটা শব্দকে শুনিছোঁ
কোনে ক’ব বেলিটো কাইলৈ
ৰঙা নে ক’লা হৈ ওলাব’
(ফটোঃ বিক্ৰমজিৎ কাকতি)