শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত বিশেষ চিবিআই আদালতে জামিন দিয়াৰ এদিন পিছতে ইন্দ্ৰাণী মুখাৰ্জীয়ে বাইকুল্লা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে। বুধবাৰে শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত তথা শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান কৰিছিল। গোচৰৰ আন অভিযুক্ত পিটাৰ মুখাৰ্জীক ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত জামিন লাভ কৰিছে। আদালতে চৰ্ত সাপেক্ষে জামিনত মুক্তি দিবলৈ অনুমতি দিছিল যাৰ ভিত্তিত পিটাৰ মুখাৰ্জীক জামিন দিয়া হৈছে। চিবিআই আদালতে একাধিক বাৰ জামিন অস্বীকাৰ কৰাৰ পিছতে ইন্দ্ৰাণী মুখাৰ্জীয়ে ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত জামিনৰ আবেদন দাখিল কৰিছিল। মাৰ্চ মাহত চিবিআইয়ে উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ বিৰোধিতা কৰিছিল। চিবিআই আদালতে যিহেতু ইন্দ্ৰাণী মুখাৰ্জী এজন প্ৰভাৱশালী ব্যক্তি সেয়েহে অভিযুক্তপক্ষৰ সাক্ষীসকলক ভাবুকি দি ভিতিগ্ৰস্ত কৰিব পাৰে৷ দেশ কঁপোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়ে৷
মুখাৰ্জীয়ে চিবিআইলৈ এখন পত্ৰ প্ৰেৰণ কৰি কন্যা শ্বীনা বৰা জীয়াই থকা বুলি দাবী কৰিছিল৷ চিবিআয়ে স্পষ্ট কৰি দিছিল যে, এই বিষয়ত আদালতৰ হস্তক্ষেপ নোহোৱাকে কোনো কথা গ্ৰহণ কৰা নহ’ব৷ ২০১২ চনৰ ২৪ এপ্ৰিলত সংঘটিত হৈছিল শ্বীনা বৰাৰ হত্যাকাণ্ড৷ ২০১৫ চনৰ পৰা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ তদন্ত কৰিছে চিবিআয়ে৷ ২০১২ চনৰ ২৪ এপ্ৰিলত শ্বীনা বৰাৰ হত্যাকাণ্ড সংঘটিত হৈছিল৷ ২০১৫ চনৰ আন এক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ বাহনৰ চালকক আৰক্ষীয়ে আটক কৰিছিল৷ চালক শ্যামবৰ ৰায়ক বেলেগ গোচৰত আটক কৰি সোধ-পোছ কৰাত শ্বীনাৰ হত্যাৰ কথা পোহৰলৈ আহিছিল৷