March 29, 2023, 1:04 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নিজৰেই ৰেকৰ্ড ভংগ কৰিলে ভাৰতেঃ এদিনত সৰ্বাধিক ৭৫ হাজাৰৰো অধিক লোক আক্ৰান্ত কোভিড-১৯ত

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 122 Time View

ডিজিটেল ডেস্কঃ কোভিড আক্ৰান্তৰ ক্ষেত্ৰত নিজৰেই ৰেকৰ্ড নিজেই ভাঙিলে ভাৰতে। বৃহস্পতিবাৰে পুৱা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যত বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ৭৫,৭৬০ জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে। ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতত ১০২৩ জন লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটে। স্বাস্থ্য বিভাগৰ এই প্ৰতিবেদনৰ পিছতে ভাৰতত সৰ্বমুঠ কোভিড আক্ৰান্তৰ সংখ্যাই ৩৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে। উল্লেখ্য যে, কোৰোনা আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত থকা ভাৰতত এদিনতে সৰ্বাধিক লোক আক্ৰান্ত হয় বৃহস্পতিবাৰে।

তথ্য অনুসৰি, ভাৰতত মুঠ কোভিড ৰোগীৰ সংখ্যা হৈছেগৈ ৩৩,১০,২৩৫ জন। ইয়াৰে ২৫,২৩,৭৭২ জন সুস্থ হৈ উঠাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে ৭,২৫,৯৯১ জন। যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৫৬,০১৩ জন। বৰ্তমান পৰ্যন্ত দেশত সুস্থতাৰ হাৰ হৈছে ৭৬.২৪ শতাংশ। দেশত কোভিড আক্ৰান্ত হৈ মুঠ মৃত্যু ঘটিছে ৬০,৪৭২ জনৰ। মৃত্যুৰ হাৰ হৈছে ১.৮৩ শতাংশ। স্বাস্থ্য বিভাগে সদৰি কৰা মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত ৯,২৪,৯৯৮ জনৰ কোভিড পৰীক্ষা কৰা হৈছিল।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে