ডিজিটেল ডেস্কঃ মুম্বাই উচ্চ ন্যায়ালয়ৰ ঔৰংগাবাদ পীঠে দিল্লীৰ নিজামুদ্দিনত তবলীগি জামাতত অংশ লবলৈ অহা বিদেশী লোকক বলিৰ পঠা সজোৱা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে দেশত কোভিড সংক্ৰমিত কৰাৰ দোষী কৰা হৈছে বুলি কয়৷ ন্যায়ধীশ টি বি নলবাডে আৰু এম জে চেবলিকাৰৰ খণ্ড বিচাৰপীঠে ২৯ বিদেশী জামাতিৰ বিৰুদ্ধে দাখিল কৰা প্ৰাথমিক খাৰিজ কৰি এই মন্তব্য প্ৰকাশ কৰিছে৷
পীঠে কয় যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এই গোচৰ যন্ত্ৰবদ্ধ ধৰণে কাম কৰিছে৷ ইফালে ৰাজ্য চৰকাৰে ‘ৰাজনৈতিক বাধ্যতা’ৰ বাবে কাম কৰিছে৷ ৰাজধানী দিল্লীস্থিত নিজামুদ্দিনত তবলীগি জামাতৰ কাৰ্যসূচীত পৰ্যটন ভিছা চৰ্তক উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ২৯গৰাকী বিদেশী লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ বহু ধাৰা সন্নিবিষ্ট কৰি গোচৰ ৰুজু হৈছিল৷
মহামাৰী অধিনিয়ম উলংঘা, দুৰ্যোগ অধিনিয়ম-বিদেশী অধিনিয়ম উলংঘাৰ গোচৰত গোচৰ ৰুজু হৈছিল৷ বিচাৰপীঠে দিয়া আদেশত উল্লেখ কৰি কয় যে দিল্লী মৰকজলৈ অহা বিদেশী লোকৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰা হৈছে৷ আদালতে দিয়া আদেশত কোৱা হৈছে যে মহামাৰীৰ বিপদ আহিলে ৰাজনৈতিক চৰকাৰে ‘বলিৰ পঠা’ বিচাৰিবলৈ আৰম্ভ কৰে আৰু পৰিস্থিতিয়ে এই কথাকে কয় যে এই বিদেশীসকলক ‘বলিৰ পঠা’ সজোৱা হৈছে৷
আদালতে আৰু কয় যে তবলীগি জামাতৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ অবাঞ্চিত আছিল৷ জামাতে ৫০ বছৰ ধৰি গতিবিধি চলাই আছে৷ ভাৰতত কোভিড-১৯ৰ সংক্ৰমণৰ পৰিস্থিতি আৰু শেহতীয়া সংখ্যাই ইয়াকে কয় যে এনে তদন্ত হ’ব নালাগিছিল৷ বিদেশী নাগিৰকে যে মছজিদত যাব নোৱাৰে এই ক্ষেত্ৰত একো ৰেকৰ্ড নাই৷ ইয়াক প্ৰমাণ কৰিব নোৱাৰি যে চৰকাৰে প্ৰতিবন্ধকতা লগাইছে৷ দিল্লীত লক-ডাউন আৰম্ভ হোৱাৰ পূৰ্বেই জামাতৰ গতিবিধি বন্ধ হৈ গৈছিল নে চলি আছিল৷ আদালতে আৰু কয় যে কোভিড মহামাৰীৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়ত আমি অধিক সহিষ্ণু হোৱাৰ প্ৰযোজন আছে৷ অধিক সংবেদশীল হোৱাৰ প্ৰয়োজন আছে৷ বৰ্তমানৰ এই আবেদনকাৰীসকলৰ দৰে৷