February 1, 2023, 7:05 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি প্ৰেমত হাবুডুবো খোৱা উৰ্বশ্ৰীৰ প্ৰেম হৈ ৰ’ল আধৰুৱা… বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম নিম্ন মধ্যবিত্তক আকৰ্ষণ কৰিবলৈ কৰৰ বোজা কিছু হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে নিৰ্মলা সীতাৰমণে APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

নিচাযুক্ত সামগ্ৰী সৰবৰাহত নন কৌশল অৱলম্বন, পুনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ ৩৮ লাখ টকাৰ ড্ৰাগছ

Reporter Name
  • Update Time : Tuesday, September 15, 2020
  • 123 Time View

বোকাজানঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী এলেকাত ড্ৰাগছৰ সৰবৰাহৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ বিপৰীতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে৷ নিতৌ বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ লগতে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰী। ইফালে, ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলোৱাৰ বাবে জিলাখনৰ আৰক্ষীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰাৰ বিপৰীতে আৰক্ষীৰ চকুত ধুলি দি লাখ লাখ টকাৰ নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ বাবেও অবিশ্বাস্যভাবে কেতবোৰ ন ন কৌশল আবিস্কাৰ কৰিছে এই ধুৰন্ধৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই। জিলাখনত যোৱা ৩১ আগষ্টত বোকাজান মহকুমাৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানত আৰক্ষীয়ে প্ৰায় ৩০ লাখ টকাৰ ড্ৰাগছসহ জব্দ কৰা এখন টাটা ডি আই বাহনৰ পৰা পুনৰ বুজন পৰিমাণৰ হিৰ’ইন জব্দ কৰা ঘটনাই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ এনে ন ন কৌশলৰ কথা পোহৰলৈ আনিছে।

উল্লেখ্য যে যোৱা ৩১ আগষ্টত ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান তহলদাৰী চকীত এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ৫৭২ গ্ৰাম হিৰ’ইনসহ এএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ এখন টাটা ডি আই বাহন জব্দ কৰাৰ লগতে উক্ত ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই সন্দৰ্ভত ডিলাই থানাত ২৬/২০২০ নম্বৰত এক গোচৰো ৰুজু কৰা হৈছিল। ইফালে, উক্ত বাহনখনতে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই বাহনৰ ইঞ্জিনৰ সৈতে সংলগ্ন এক গোপন চেম্বাৰ নিৰ্মাণ কৰি উক্ত চেম্বাৰতো বুজন পৰিমাণৰ ড্ৰাগছ গোপনে সৰবৰাহ কৰি আনিছিল যদিও আৰক্ষীৰ নিশ্চিদ্ৰ তলাচীৰ পিছতো আৰক্ষীয়ে উক্ত গোপন চেম্বাৰৰ সম্পৰ্কে কোনো ভূ পোৱা নাছিল। ইয়াৰ মাজতে দেওবাৰে সন্ধিয়া খটখটি আৰক্ষীয়ে পুনৰ ৪৭ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্ৰায় ৪০ লক্ষাধিক টকাৰ হিৰ’ইন জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এখন বাহনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী তিনিটাৰ মাজৰে নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত মৰিয়াধাছ গাঁৱৰ মোজাম্মিল আলি (২৯) ড্ৰাগছ সৰবৰাহকাৰীটো এই চক্ৰৰ অন্যতম মূল ব্যক্তি বুলি আৰক্ষীয়ে তথ্য লাভ কৰে।

সেয়েহে বাহনৰ গোপন চেম্বাৰ সন্দৰ্ভত মোজাম্মিল আলি আৱগত হোৱাৰ যথেষ্ট সম্ভাৱনা থকা বুলি সূত্ৰটোৰ যোগেদি তথ্য লাভ কৰি মোজাম্মিল আলিক আৰক্ষীয়ে জেৰা চলায়। আৰক্ষীৰ জেৰাত ধৃত মোজাম্মিল আলিয়ে যোৱা ৩১ আগষ্টতে আৰক্ষীয়ে জব্দ কৰা এএছ-২৫-ডিচি-৬৮১৬ নম্বৰৰ বাহনখনত এক গোপন চেম্বাৰত এতিয়াও ভালেখিনি অবৈধ ড্ৰাগছ থকা বুলি স্বীকাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মোজাম্মিলৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে পুৱা বাহনখনৰ ইঞ্জিনৰ সৈতে সংলগ্ন কৰি অতি গোপনভাৱে নিৰ্মাণ কৰা এক গোপন চেম্বাৰৰ পৰা ৩৮টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত ৪৬০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাহনখনৰ ইঞ্জিনৰ সৈতে সংলগ্ন কৰি গোপন চেম্বাৰটো ইমানেই কৌশলেৰে নিৰ্মাণ কৰা হৈছিল যে বাহিৰৰ পৰা ইয়াক দেখাতো কোনো কাৰণতে সম্ভৱপৰ নাছিল। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ চেত্ৰী আৰু বৰপথাৰৰ চক্ৰ আৰক্ষী বিষয়া ভূপেন কলিতাৰ উপস্থিতিত নিচাযুক্ত দ্ৰব্যসমূহ জব্দ কৰা হয়। উল্লেখ্য যে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩৮ লাখ টকাৰো অধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে