ডিজিটেল ডেস্কঃ আমেৰিকাত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অভিযোগ-প্ৰতিভিযোগৰ মাত্ৰা বৃদ্ধি পাইছে৷ শাসক ৰিপাব্লিকান আৰু বিৰোধী ডেমক্ৰেটিকৰ মাজত বাকযুদ্ধ অব্যাহত থকাৰ সময়তে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে পুনৰ আন এগৰাকী মডেলে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ পূৰ্বেও ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে আৰু ৰাষ্ট্ৰপতি হোৱাৰ পিছতে কেইবাগৰাকী মডেলে ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷
দ্যা গাৰ্ডিয়ানত প্ৰকাশ পোৱা খবৰ পোৱা মতে, প্ৰাক্তন মডেল এমি দৰিছে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পৰ বিৰুদ্ধে৷ দ্যা গাৰ্ডিয়ান দিয়া সাক্ষাৎকাৰত এমিয়ে কয় যে ট্ৰাম্পে মোৰ ওচৰ চাপি আহি জোৰকৈ জিভাৰে মোৰ মুখত স্পৰ্শ কৰিছিল৷ এই ঘটনা সংঘটিত হৈছিল ১৯৯৭ চনত৷ নিউয়ৰ্কত ইউএছ অপেন টুৰ্ণামেণ্ট চলি থকাৰ সময়তে ট্ৰাম্পে ভিআইপি বক্সৰ বাথৰুমৰ বাহিৰত এই কাণ্ড সংঘটিত কৰিছিল৷ তেতিয়া এমিৰ বয়স আছিল মাথো ২৪ বছৰ৷
এই পৰ্যন্ত দৰিছ সহ ২৬গৰাকী মহিলাই ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এই অভিযোগ নুই কৰি আহিছে ট্ৰাম্পে৷ কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছৰ পৰা এন অভিযোগৰ তদন্তৰ বাবে অনুমতি দিয়া হোৱা নাই৷ আনকি ধৰ্ষণৰো অভিযোগ উত্থাপন কৰিছে দুই এগৰাকী মহিলাই৷