গুৱাহাটীঃ ৰাজ্যত নিতৌ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এখন সংবাদমেল যোগে শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ বিষয় স্পষ্ট কৰে৷ কোভিড সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰা অসমত মৃত্যুৰ হাৰ বাঢ়িছে বুলি অকপটে স্বীকাৰ কৰে৷
ইফালে এতিয়াৰ পৰা নাৰ্চিং হোমলৈ প্লাজমা নিবলৈ হলে ৬০০০ টকা জমা দিব লাগিব৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো শ্ৰেণীৰ মানুহক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক ব্যৱধান কঠোৰ ভাৱে মানি চলিবলৈ আহ্বান জনায়৷ মন্ত্ৰীজনে অসমৰ পৰিস্থিতি পূৰ্বতকৈ উদ্বেগজনক বুলি ঘোষণা কৰে আৰু ১৫ আগষ্টৰ পিছৰ পৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰে৷
গুৱাহাটী মহাগনৰ জিলা, ডিব্ৰগড়, তিনিচুকীয়া আৰু বৰাক উপত্যকাত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰা বুলি তেওঁ উল্লেখ কৰে৷ ইফালে তাৎপৰ্যপূৰ্ণ ভাৱে শিৱসাগৰ আৰু সোণাৰিত সংক্ৰমণ নিয়ন্ত্ৰিত হৈ আছে বুলি কয় মন্ত্ৰীজনে৷