অসমত নাৰী নিৰ্যাতনে সীমা চেৰাই পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে৷ ইমানে নহয় নিতৌ নিৰ্যাতন হৈ থকাৰ পিছতো ৰাজ্যিক মহিলা আয়োগ অস্তিত্বহীন হৈ পৰা বুলি অভিযোগ আনে৷ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, সাধাৰণ সম্পাদিকা বনশ্ৰী গগৈৰ নেতৃত্বৰ এটা সঁজাতী দলে আয়োগৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছে৷ সঁজাতী দলে আয়োগৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰত কয় যে কাৰ্যতঃ ২০১৬ চনৰ পৰা ৰাজ্যিক মহিলা আয়োগৰ অস্তিত্ব কেৱল ফাইলৰ মাজতে সীমাবদ্ধ হৈ আছে।
অসমত বিগত বছৰ কেইটাত ক্ৰমবৰ্দ্ধমান হাৰত বৃদ্ধি পোৱা নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনাসমূহ ৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা নাই। আনহাতে এই বিষয়সমূহত চৰকাৰক উপযুক্ত দিহা-পৰামৰ্শ দি নাৰীৰ ওপৰত চলা হিংসা, নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত ৰাজ্যিক মহিলা আয়োগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ আনে৷ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি অসমৰ নাৰী সমাজৰ পক্ষত মাত মাতিবলৈ সোঁৱৰাই দি আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছে ৰাজ্যিক মহিলা আয়োগৰ আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সমগ্ৰ ৰাজ্যখনত এটাৰ পিছত আনটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো আয়োগ এইবোৰৰ বিৰুদ্ধে কিয় তৎপৰ নহয় সেয়া সমগ্ৰ মহিলা সমাজৰ বাবে এক ডাঙৰ সাঁথৰ বুলি উল্লেখ কৰি আইন প্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি তাৎক্ষণিকভাৱে মহিলা আয়োগক অসমৰ নিৰ্যাতিত নাৰী সমাজৰ হৈ নিজৰ দায়িত্ব পালন কৰিবলৈ স্মাৰক পত্ৰ খনত সকীয়াই দিয়ে।