নাৰায়ণপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাৰায়ণপুৰত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ এই সংক্ৰমণ ৰোধৰ বাবে নাৰায়ণপুৰৰ ব্যৱসায়ীসকলে খোদ প্ৰচেষ্টা হাতত লৈছে৷ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি আৰু কাইলৈ নাৰায়ণপুৰৰ স্থানীয় ব্যৱসায়ীসকলে দুদিনীয়া স্থানীয় বন্ধ ঘোষণা কৰিছে। ব্যৱসায়ীসকলে কাইলৈৰ পৰা নগৰখনৰ প্ৰতিখন দোকান-পোহাৰ ছেনিটাইজ কৰাৰ ব্যবস্থা কৰাৰ লগতে আজি পুৱাৰে পৰা বন্ধ ৰাখে দোকান-পোহাৰ। যদি নাৰায়ণপুৰত ক’ৰোনাৰ সংক্ৰমণ জাৰি থাকে তেন্তে তেন্তে বন্ধৰ সময় সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি কয় ব্যৱসায়ীসকলে৷