নাৰায়ণপুৰঃ দৰিদ্ৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰিবলৈ চৰকাৰে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ পঞ্চায়তে পঞ্চায়তে আধাৰকাৰ্ড বনোৱাৰ কেন্দ্ৰ স্থাপন কৰি দিনে নিশাই কাম অব্যাহত ৰাখিছে। তাৰ মাজতে এটা অসাধু চক্ৰই সুবিধা লৈ মুনাফাও ঘটিছে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নাৰায়ণপুৰত আধাৰ কাৰ্ড বনোৱাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ খোদ গাঁও পঞ্চায়তৰ সহযোগত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে৷ একাংশ কেন্দ্ৰই গ্ৰাহকৰ পৰা ২০০-৫০০ টকাকৈ ধন লৈ এমাহ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷ নাৰায়ণপুৰৰ ৰূপা কম্পিউটাৰ এণ্টাৰ প্ৰাইজ নামৰ কেন্দ্ৰত পিছলা গাঁও পঞ্চায়তৰ অনুজ্ঞাপত্ৰ লৈ ধনৰ বিনিময়ত আধাৰকাৰ্ড বনোৱা বুলি অভিযোগ উঠিছে৷