ডিব্ৰুগড়ঃ নিজৰ অশ্লীল ভিডিঅ’ আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক। এগৰাকী যুৱতীৰ স’তে অশ্লীল ভিডিঅ’ ছবি আপলোড কৰাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ডিব্ৰুগড় আৰক্ষীয়ে 1044/20 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি অধ্যাপকজনক জেৰা অব্যাহত ৰাখিছে। আজি পুৱা ভাগৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সংবাদ মেল সম্বোধন কৰি নিজৰ নিজৰ মত পোষণ কৰে বিশ্ববিদ্যালয় ফালৰ পৰা।
ইফালে, জিলা আৰক্ষী প্ৰশাসনৰ পৰা এই দিশত সংবাদ মেল সম্বোধন কৰি আৰক্ষী অধীক্ষকে মত আগব়াইছে। ইফালে এই দিশত ইতিমধ্যে ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। জোকাৰি গৈছে সচেতন মহলক।