নাহৰকটীয়াঃ নাহৰকটীয়াৰ পুৰণি কৈৱৰ্ত গাঁৱত অঘটন। নৈত পৰি সলিল সমাধি এজন যুৱকৰ। সোমবাৰে দিনৰ ভাগত নৈ পাৰৰ পৰা বালি আনিবলৈ গৈ নৈৰ গৰাখহনীয়াত পৰি সলিল সমাধি ঘটে কৈৱৰ্ত গাঁৱৰ নিৰ্মল দাসৰ একমাত্ৰ পুত্ৰ নয়েল দাসৰ (১৭)। ৰাইজে মৃতদেহ উদ্ধাৰৰ বাবে নৈত নামি অভিযান চলাইছে যদিও শুংসূত্ৰ পোৱা নাই যুৱকজনৰ।