নাহৰকটীয়াঃ ৰাজ্যৰ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানাৰ দাবীৰে শনিবাৰে সমগ্ৰ অসমৰ লগতে নাহৰকটীয়াৰ ডিচাম চাহ বাগিচাতো প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।
ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, আদিবাসী সকলক জনজাতিকৰণ কৰা আৰু আদিবাসী সকলক ভূমি পট্টা প্ৰদান কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰে। যাৰ পৰিপ্ৰেক্ষিতত আদিবাসী ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে নাহৰকটীয়া ডিচাম চাহ বাগিচাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দাবী সমূহ পূৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে।