March 25, 2023, 5:00 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নাহৰকটীয়াত অপৰিবৰ্তিত বান পৰিস্থিতি, বিধায়কে দিলে শুকান খাদ্য, অনুষ্ঠিত কৰিব স্বাস্থ্য শিবিৰ

Reporter Name
  • Update Time : Tuesday, June 30, 2020
  • 123 Time View

নাহৰকটীয়াঃ নাহৰকটীয়া সমষ্টিত আজিও অপৰিবৰ্তিত বান পৰিস্থিতি৷ কেইবা হাজাৰ লোক বানৰ কৱলত পৰি বিপদৰ মাজেৰে দিন অতিবাহিত কৰিছে৷ পানীৰ বুকুত ঘৰ খন এৰি অহা দুৰ্ভগীয়া লোকসকলে দুখৰ মাজেৰে দিন অতিবাহিত কৰিছে৷ সন্তানৰ শুকান মুখ দেখি হৃদয় কঁপি উঠে বুকু৷ ঘৰখনলৈ মনত পৰিলে অন্তৰ কঁপি উঠে৷ জীৱন ব্যাপি কঁপালৰ ঘাম মাটিত পেলাই ঘৰ খন সাজি-কাঁচি তোলে মানেই বান আহি পলকতে সকলো তচ-নচ কৰি থৈ যায়৷

দুৰ্ভগীয়া লোকসকলে কৰিব কি? বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি ভোট দান কৰে যদিও সময়ত সকলো মিছা বুলি প্ৰতিপন্ন হয়৷ কেৱল সকলো হেৰুওৱাৰ পিছতে জনপ্ৰতিনিধিয়ে এটা খবৰ লয় আৰু আগৰ দৰে হৈ পৰে সময়বোৰ৷ এইবাৰো ভয়াবহ বানৰ কৱলত পৰিছে সমষ্টিৰ কেইবাহাজাৰ পৰিয়াল৷ এইবাৰো দুখৰ অন্ত নাই কৃষিজীৱিৰ৷ বুঢ়ীদিহিং নৈৰ পানীয়ে বহু গাঁও প্লাৱিত কৰিছে৷

তাৰে মাজৰ এখন গাঁও চাচনী টিংৰাই নেপালী গাঁৱত বানপীড়িতৰ খবৰ লয় বিধায়ক নৰেণ সোণোৱালে৷ বান পৰিস্থিতি পৰিদৰ্শন কৰি নাহৰকটীয়াৰ বিধায়ক সোণোৱালে বানাক্ৰান্তসকলৰ কিছু শুকান খাদ্য-সামগ্ৰী বিতৰণ কৰে। তাৰ পিছতেই বিধায়কগৰাকীয়ে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ লগতে পোহনীয়া গৰু-ছাগলীৰ বাবে খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে