March 29, 2023, 10:31 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নামভৰ্তি কৰিবলৈ প্ৰিয়াংকুৰ নাছিল অৰ্থ, ৯১ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ উচ্চতৰ মাধ্যমিকত

Reporter Name
  • Update Time : Saturday, June 27, 2020
  • 147 Time View

চতিয়াঃ উচ্চ আকাংক্ষা আৰু একগ্ৰতাই মানুহক সফল কৰে৷ চতিয়াৰ চাৰেঙিয়া গাঁৱৰ দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান প্ৰিয়াংকু বৰমূদৈয়ে তাকেই প্ৰমাণ কৰিছে। মেধাৱী ছাত্ৰগৰাকীয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ চতিয়াৰ চাৰেঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

মাথো ১১ নম্বৰৰ বাবে ৰাজ্যৰ ভিতৰত ১০গৰাকী ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে প্ৰিয়াংকুৱে। প্ৰিয়াংকু বৰমূদৈ স্থানৰ যুঁজত জয়ী হৈ শিৰোনাম দখল কৰিব নোৱাৰিলেও আন এটা বিষয়তহে বাতৰিৰ শিৰোনামলৈ আহিছে৷ দৰিদ্ৰতাৰ সৈতে যুঁজিহে প্ৰিয়াকুৱে চৰ্চালৈ আহিছে৷ কিয়নো তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰিবলৈ অৰ্থৰ অভাৱত পৰিছিল৷ তাৰ পিছতে তেওঁক এখন শিক্ষানুষ্ঠানে বিনা পইছাই পঢ়াবলৈ আগবাঢ়ি আহে৷ উক্ত শিক্ষানুষ্ঠানত বিনা পইছাই নামভৰ্তি কৰি উচ্চতৰ মাধ্যমিকৰ দুটা বছৰ পঢ়াৰ অন্তত পুনৰ সফল হৈছে প্ৰিয়াংকু৷

দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰিয়াংকুৱে ৯১ শতাংশ নম্বৰ লাভ কৰি লাভ সফলতা লাভ কৰিছে। চতিয়াৰ জ্ঞানজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ প্ৰিয়াংকুক কনিষ্ঠ মহাবিদ্যালয়ে বিনা মাচুলে পঢ়াৰ সুবিধা প্ৰদান কৰিছিল। ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয় বিনা মাচুলে পঢ়ি সফলতা কঢ়িয়াই অনা প্ৰিয়াংকুৱে শিক্ষাজগতত বহু আগুৱাই যাব খোজে৷ শিক্ষা জীৱনত তেওঁক চতিয়াৰ জ্ঞানজ্যোতি মহাবিদ্যালয়ে পঢ়াৰ সুবিধা দিয়াৰ বাবে বিদ্যালয়খনৰ গৰাকী বিৰাজ গগৈক ধন্যবাদ যাচে। দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰিয়াংকু বৰমূদৈয়ে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোনলৈ কটন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ হেপাহ পুহি ৰাখিছে৷ আৰ্থিক দৈন্যতাৰ পিছতো প্ৰিয়াংকুক আকাশ স্পৰ্শ কৰিব পৰাকৈ শুভ কামানা যাচিছে স্থানীয় ৰাইজে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে