ধেমাজিঃ ধেমাজি জিলা গেৰুকামুখত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জল বিদ্যু প্ৰকল্প পৰিদৰ্শন কৰিবলৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙে সোমবাৰে সন্ধিয়া ৭. ৪০ মান বজাত উপস্থিত হয়৷ মন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ পিছতেই তেওঁক ঢোলে-ডগৰে আদৰণি জনায়৷ ইয়াৰ কিছু সময়ৰ পিছতেই অঞ্চলটোৰ থলোৱা শিপিনীসকলৰ দ্বাৰা আয়োজিত পৰম্পৰাগত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে এন এইচ পি চিৰ বিষয়ববীয়াসকল আৰু ধেমাজি জিলা প্ৰশাসনৰ সৈতে তেওঁ এন এইচ পি চিৰ পাৱাৰ হাউচটোৰ পৰিৰ্দশন কৰে৷ সংবাদিকসকলৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে অহা অক্টোবৰ, নৱেম্বৰ মাহৰ পৰা নামনি সোৱনশিৰি জল বিদ্যুৎ প্ৰকলত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ ব আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলে ৫৮ হেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা ক্ষমতা আছে ইয়াৰে ৫০% শতাংশ পোৱা যায় তেন্তে অৰ্থনৈতিকভাৱে সবল হ’ব বুলি উল্লেখ কৰে৷