বজালীঃ ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে নেকি নামনি অসম৷ নামনি অসমৰ ১৩খন জিলা বাৰে বাৰে বান পানীৰ কৱলত পৰি হাহাকাৰ কৰিছে কিয়? ভূটান ৰাষ্ট্ৰই নামনি অংশতত ৩২০০০ মেগাৱাটৰ বিজুলী উৎপাদনৰ বাবে বৃহৎ নদীবান্ধ বহুওৱাত বানৰ কৱলত পৰি অহাৰ আশংকাই কৰিছে নামনি অসমৰ ৰাইজে৷ ভয়ংকৰ বিপদৰ ফালে গতি কৰাৰ অনুমান কৰিছে ২০০৪ চনৰ পৰাই৷ কিয়নো ২০০৪ চনৰ পৰা নামনি অসমত ক্ৰমে বৃদ্ধি পাই আহিছে বানপানীৰ তীব্ৰতা৷ বাৰিষা একেটা মাহত ৪-৫ বাৰকৈ বানপানীৰ কৱলত পৰিবলগীয়া হৈছে নামনি অসম৷ বানৰ কৱলত পৰি নামনি অসমৰ বহু ঠাইৰ থান-বান হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি৷ নৈৰ মথাউৰিসমূহ ছিঙি শ শ গাঁও বুৰাই পেলায়৷ নগৰ চহৰ তচ-নচ হয়৷ এই ধ্বংস কাৰ্যত সাৰ-পানী যোগাই আহিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে নামনি অংশত নিৰ্মাণ কৰা কেইবাটাও বৃহৎ নদীবান্ধ৷
মাত্ৰ ৬০ মেগাৱাটৰ কুৰিশ্বু নদীবান্ধ প্ৰকল্পৰ পানী এৰি দিওঁতে যদি নামনি অসমত এনে ধ্বংসলীলা চলে, তেন্তে ৩২০০০ মেগাৱাটৰ প্ৰকল্পই কি ধৰণৰ ধ্বংসলীলা চলাব, সেয়া চিন্তনীয়৷ ভাৰতৰ অৰ্থ সাহায্যত ভূটান চৰকাৰে দেশখনেৰে বৈ অহা কেইবাখনো নদীত সৰ্বমুঠ ৩২০০০ মেগাৱাট বিজুলী উৎপাদনৰ উদ্দেশ্যে বহুকেইটা নদীবান্ধ প্ৰকল্প নিৰ্মাণ কৰি আছে৷
বান্ধসমূহ সম্পূৰ্ণ হ’লে, বাৰিষা কালত সেইবোৰ প্ৰকল্পই এৰি দিয়া পানীয়ে নামনি অসম নিশ্চিহ্ন হৈ যাব৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ইয়াৰ বিৰুদ্ধে নামনি অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ জনমত গঠন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে হেচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাই৷ আনহাতে অসম বাঘসেনাৰ সভাপতি তথা ভাৰতীয় ৰাষ্ট্ৰবাদী কংগ্ৰছৰ নেতা আজাদ আলীয়ে ভূটানৰ নদীবান্ধৰ বাবে নামনি অসমৰ ১৩ জিলাত বিস্তৰ ক্ষতি সাধনৰ কথা উল্লেখ কৰি মথাউৰিসমূহ সুৰক্ষাৰ বাবে চৰকাৰক টাস্ক ফৰ্চ গঠন কৰিবলৈ আহ্বান জনায়৷