আমগুৰিঃ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ সংবাদসেৱীৰ অনুষ্ঠান নামতি প্ৰেছ গীল্ডৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়৷ নামতিৰ খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰেছ গীল্ডৰ সভাপতি বিমল বিভূতি গগৈয়ে পতাকা উত্তোলন কৰাৰ পিছতে কণকণ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ অধ্যক্ষ নৃপেন নেওগৰ পৌৰোহিত্যত এখন মুকলি সভা অনুষ্ঠিত হয়৷ নামতি প্ৰেছ গীল্ডৰ যুটীয়া সম্পাদক ৰাতুল শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আদৰণি ভাষণ মনোজ কুমাৰ বৰুৱাই আগবঢ়োৱাৰ পিছতে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিকসকলক ভাষণ ৰাখে৷ নীলাক্ষী মেমৰিয়েল একাডেমীৰ অধ্যক্ষ ধৰ্মৰঞ্জন গগৈ, জ্যেষ্ঠ সাংবাদিক চঞ্জয় গগৈ, আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি অখিল আহোম, নাজিৰা কবি সন্মিলনৰ উপদেষ্টা দুৰ্লভ শইকীয়া উপস্থিত থাকে৷ মুকলি সভাত জোনাকী সমাজৰ মহিলাসকলৰ দ্বাৰা সমবেত সংগীতৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মনোমোহা জ্যোতি সঙ্গীতৰ লগতে নৃত্যই অনুষ্ঠান জীপাল কৰি তোলে৷