প্ৰাণদ্বীপ চেতিয়া, বোকাজানঃ কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ এগৰাকী নাবালিকাক পলুৱাই নি ৰঙাঘৰৰ আলহী হ’ল ডিফু বৰলাংফেৰৰ এগৰাকী যুৱক। প্ৰাপ্ত তথ্য অনুসৰি চাৰিদিন পূৰ্বে মাঞ্জাৰ এগৰাকী কিশোৰীক বিবাহৰ উদ্দেশ্যে পলুৱাই নিছিল বৰলাংফেৰ থানাৰ অন্তৰ্গত পেপে বস্তিৰ ধৰ্মেন্দ্ৰ চৌহান (২১) নামৰ যুৱকজনে।
ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে মাঞ্জা থানাত দাখিল কৰা এক অভিযোগৰ ভিত্তিত অভিযান চলাই মাঞ্জা আৰক্ষীয়ে কালি বৰলাংফেৰ আৰক্ষীৰ সহযোগত ধৰ্মেন্দ্ৰ চৌহানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰাত ২৬/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।