নাজিৰাঃ ড্ৰাগছৰ বিৰোধী অভিযান অব্যাহত আছে অসম আৰক্ষীৰ। নাজিৰাতো ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী। নাজিৰাৰ লাকুৱা গড়মূৰত আৰক্ষীৰ নিয়মীয়া তালাচীত ব্ৰাউন ছুগাৰসহ এজন যুৱকক কৌশলেৰে আটক কৰিবলৈ সক্ষম আৰক্ষী। তালাচীৰ সময়তে ব্ৰাউন ছুগাৰসহ নাজিৰা কলেজ তিনিআলিৰ মৃগাংক হাজৰিকাক আটক কৰাৰ লগতে AS-03-AA-4393 নম্বৰৰ আই ২০ বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। মৃগাংকৰ স্বীকাৰোক্তিৰ ভিত্তিত নাজিৰাৰ পৰা নিহাল চাহু নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।